কাবন টেৰণপীক তৰাডুবি শাখা কবি সন্মিলনৰ আদৰ্শ নাৰী ঘোষণা

কাবন টেৰণপীক তৰাডুবি শাখা কবি সন্মিলনৰ আদৰ্শ নাৰী ঘোষণা

ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাণা কাফলে আৰু বিশিষ্ট কবি বাপন ক্ৰ'ৰ দ্বয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সহযোগত গঠন হোৱা তৰাডুবি শাখা কবি সন্মিলনে অহা ৮মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এখনি সভাৰ আয়োজন কৰা হৈছে । এই সভাত জনপ্ৰিয় বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'ৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ বাসগৃহত আয়োজন কৰা হৈছে ।

তৰাডুবি শাখা কবি সন্মিলনৰ সভানেত্ৰী মঞ্জুৰী ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া সংগঠনটোৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে জনপ্ৰিয় বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'ৰ মাতৃ কাবন টেৰণপীক তৰাডুবি শাখা কবি সন্মিলনৰ তৰফৰ পৰা আদৰ্শ নাৰী হিচাবে ঘোষণা কৰি সম্বৰ্ধনা জনোৱাৰ বাবে প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে ।

ইয়াৰোপৰি সভাত নৱগঠিত তৰাডুবি শাখা কবি সন্মিলনৰ বিষয়ববীয়াৰ লগতে সদস্য-সদস্যা সকলৰ পৰিচয় পৰ্বৰ লগতে চলিত মাৰ্চ মাহৰ ভিতৰতে পাৰখোৱাবাসী আৰু আকাশীগঙ্গা থান উন্নয়ন সমিতিৰ আতিথ্যত, পাৰখোৱা শাখা কবি সন্মিলনৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সহযোগত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেশনৰ ওপৰতো আলোচনা কৰা হ'ব। এই সভাতে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি স্বৰচিত কবিতা পাঠৰো আয়োজন কৰা হৈছে ।

সেয়েহে নৱগঠিত সংগঠনটোৰ উপদেষ্টা, বিষয়ববীয়াৰ লগতে সদস্য-সদস্যাসকলক সেইদিনা উপস্থিত থাকি সভাখন সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সফল ৰূপায়ন কৰি তুলিবৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে তৰাডুবি শাখা কবি সন্মিলনৰ হৈ সম্পাদিকা বিনীতা লস্কৰে ।

কাবন টেৰণপীক তৰাডুবি শাখা কবি সন্মিলনৰ আদৰ্শ নাৰী ঘোষণা
বালিপৰাত "অসমতো কেজৰিৱাল" কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in