/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/501fab5f-5a17-4ed6-8ece-d8de459d7fbf/v1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : "লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি" শীৰ্ষক মূলমন্ত্ৰক সাৰ্বজনীন কৰি ঢকুৱাখনা মহকুমাত বুধবাৰে আন্তৰ্জাতিক নাৰী দিৱস-২০২৩ দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । সদৌ অসম মহিলা কৰ্মচাৰী সংস্থাৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত বুধবাৰে পুৱা নাৰী দিৱস অনুষ্ঠিত কৰা হয়।
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলৰ শ্ৰুতিমধুৰ বৃন্দগানেৰে মঞ্চ মুকলি কৰা হয়। উদ্বোধনী বক্তব্য আগবঢ়াই শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ চন্দ্ৰ বৰাই।
ইয়াৰ পাছতে অনুষ্ঠিত দিৱসৰ মূল সভা সঞ্চালনা কৰে ঢকুৱাখনা জিলা মহিলা কৰ্মচাৰী সংস্থাৰ স্থায়ী সভানেত্ৰী দুলু শইকীয়াই। সংস্থাৰ শতাধিক কৰ্মকর্তা, প্ৰশিক্ষাৰ্থী সকল, বিশিষ্ট নাগৰিক সমাজ উপস্থিত থকা সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মননশীল বক্তব্য আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে ।
জিলা সংস্থাৰ সাধাৰণ সম্পাদিকা সংগীতা শইকীয়াই আঁত ধৰা সভাত নিৰ্দ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি দিৱসৰ লক্ষ্য উদ্দেশ্য আৰু তাৎপৰ্য সন্দৰ্ভত গোগামুখৰ এন চি দি মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত দলে আৰু আয়োজক সংস্থাৰ তৰফৰ পৰা জিলা শাখাৰ সদস্যা পুষ্পাঞ্জলী চেতিয়াই দিৱসৰ প্ৰাসংগিকতা সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই । বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে জীপাল হোৱা দিৱসৰ অভ্যাগতসকলক ফুলাম গামোচাৰে মান্যতা প্ৰদান কৰা হয়।
Also Read: নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ অসম লেখিকা সমাজৰ 'নাৰী কৰ্ম প্ৰেৰণা বঁটা'