ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তা সন্মিলন...

ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তা সন্মিলন...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তা সন্মিলন...

ডিজিটেল সংবাদ,ৰঙিয়াঃ দেওবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিষ্ঠাপক সভাপতি ডাঃ প্ৰবীন ভাই টোগাৰিয়া। তেওঁ কয় যে,"ইছলাম ধৰ্মৰ লোকসকলে মছজিদত একগোট হৈ নামাজ পঢ়ে । তেনেদৰে প্ৰতি হিন্দু ধৰ্মাৱলম্বী সকলে প্ৰতি মঙলবাৰ আৰু শনিবাৰে হনুমান চালিশা পাঠ কৰিব লাগে। হনুমান মন্দিৰ অথবা যিকোনো ধৰ্মীয় অনুষ্ঠান নামঘৰ, মন্দিৰ আদিত হিন্দুলোকসকলে একগোট হৈ এক হনুমান চালিশা কেন্দ্ৰ গঢ়াৰ পৰিৱেশ গঢ়ি তোলক।

Advertisment

উল্লেখ্য যে দিনৰ ১১ বজাত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হোৱা এই কাৰ্যকৰ্তা সন্মিলনৰ আৰম্ভণিতে প্ৰতিষ্ঠাপক সভাপতি টোগাৰিয়াক আদৰিবলৈ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়।

মূৰাৰা চকৰ পৰা উলিওৱা এই শোভাযাত্ৰা চহৰখনৰ মাজমজিয়াৰে গৈ সভাস্থলী হৰদত্ত বীৰদত্ত ভৱনত সামৰণি পৰে। শোভাযাত্ৰাত অসমীয়া বিহু সংস্কৃতি,চাওতালী, আদিবাসী,নেপালী,বড়ো আদি জনগোষ্ঠীৰ নৃত্যৰে প্ৰতিষ্ঠাপক সভাপতি গৰাকীক আদৰণি জনোৱা হয়।

আনহাতে এই সন্মিলনত প্ৰতিষ্ঠাপক সভাপতি ডাঃ প্ৰবীন ভাই টোগাৰিয়া, কেইবাগৰাকীও হিন্দুত্ববাদী নেতা,গুৱাহাটী মণ্ডলৰ নীলাভৰাজ, প্ৰাঞ্জল মজুমদাৰ, ৰঙিয়াৰ দীনেশ কলিতা, ৰাষ্ট্ৰীয় বজৰংগ দলৰ সভাপতি দীপাংকৰ ডেকা, সাধাৰণ সম্পাদক ৰঞ্জিত ৰাজবংশীকে ধৰি কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা তথা অগণন কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

Also Read: জামুগুৰিহাটত মগৰ সংঘৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান..

rangia Hindu Council workers conference