চিচিবৰগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

চিচিবৰগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰঃ ২৪ জানুৱাৰী ৰাষ্ট্রীয় কন্যা শিশু দিৱস । দেশৰ কন্যা শিশুসকলৰ সৰ্বাংগীন বিকাশ তথা কন্যা সন্তানৰ ক্ষেত্ৰত চলি অহা বিভিন্ন সামাজিক বৈষম্যতাসমূহ দূৰীকৰণ কৰি কন্যা শিশুসকলক পুৰুষৰ সমানে আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতিবছৰে ২৪ জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।

চিচিবৰগাঁও জাগৰণ ব্লক মহাসংঘৰ উদ্যোগত চিলাপথাৰৰ সমীপৰ সৰুপাম জাঁজী গাঁৱত বুধবাৰে দিনজোৰা কাৰ্য্যসূচীৰে ৰাষ্ট্রীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোৰ বালিকা তথা কিশোৰীসকলৰ মাজত স্মৃতি পৰীক্ষা, বক্তৃতা প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

আবেলি অনুষ্ঠিত কৰা মুকলি সভাত সভানেতৃত্ব কৰে চিচিবৰগাঁও জাগৰণ ব্লক মহাসংঘৰ সভানেত্ৰী গুলপ্ৰভা ভূঞাই । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চিলাপথাৰৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃপেন বৰঠাকুৰে । অনুষ্ঠানত অঞ্চলটোৰ শতাধিক মহিলা তথা কিশোৰীয়ে অংশগ্ৰহণ কৰে । কিশোৰীসকলৰ গীত নৃত্য পৰিবেশনে জীপাল কৰি তোলে পৰিবেশ ।

চিচিবৰগাঁৱত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন
যোৰহাট বৰভেটা মাজ গাঁৱত 'জী-জোঁৱাই সন্মিলন'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in