/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e1183e8c-8cec-4719-b8a6-49847473776b/KHO.jpg)
ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় উদীয়মান খেলুৱৈ প্ৰয়াত জিন্টু গগৈৰ পবিত্ৰ স্মৃতিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল ''২৩ সংখ্যক উত্তৰ পূৰ্বাঞ্চল আন্ত: ৰাজ্যিক চিনিয়ৰ পুৰুষ-মহিলা খো- খো প্ৰতিযোগিতা ৷ পোন প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত অনুস্থিত প্ৰতিযোগিতাখনিৰ শুকুৰবাৰে সফল সামৰণি পৰে।
অসম,অৰুনাচল, মেঘালয়, ত্ৰিপুৰা, চিকিম, মনিপুৰৰ পৰা অহা প্ৰতিযোগী দলে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় অসম আৰু মনিপুৰৰ মাজত ৷ মহিলা শাখাত অসম দলে মনিপুৰক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰাৰ বিপৰীতে পুৰুষ শাখাত মনিপুৰ দলে অসমক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷
আজি অন্তিম দিনা অনুস্থিত বঁটা বিতৰণী সভাত অসমৰ লগত ৬ খন ৰাজ্যৰ প্ৰতিনিধিৰ দল উপস্থিত থাকে ৷
Also Read: বাগৰিৰ গড় হত্যাৰ লগত জড়িত অপৰাধীৰ সন্ধান দিওঁতালৈ নগাঁও আৰক্ষীৰ পুৰস্কাৰ ঘোষণা