বৰবৰুৱাত স্বাধীনতা দিৱস উপলক্ষে আন্তঃ জিলাভিত্তিক কেৰম প্ৰতিযোগিতা

বৰবৰুৱাত স্বাধীনতা দিৱস উপলক্ষে আন্তঃ জিলাভিত্তিক কেৰম প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
বৰবৰুৱাত স্বাধীনতা দিৱস উপলক্ষে আন্তঃ জিলাভিত্তিক কেৰম প্ৰতিযোগিতা

ডিজিটেল সংবাদ,বৰবৰুৱাঃ আজি দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে বৰবৰুৱাতো ত্ৰিৰংগ পতাকা উৰুৱাই স্বাধীনতা দিৱস পালন কৰা হৈছে ।

Advertisment

সেয়ে মঙলবাৰে বৰবৰুৱা আৰক্ষী থানাৰ প্ৰাংগনত বৰবৰুৱা আৰক্ষী থানা, লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থা আৰু বৰবৰুৱা প্ৰেছ ক্লাৱৰ উদ্যোগত আন্ত জিলাভিত্তিক প্ৰাইজমানি কেৰম প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে বৰবৰুৱা প্ৰেচ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকা, বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন চাহা, বিচিপিএলৰ মহা প্ৰবন্ধক জয়ন্ত বৰুৱা আৰু বৰবৰুৱা চাহ বাগিচাৰ পৰিচালক সমীৰ লুধিৰে। এই কেৰম প্ৰতিযোগিতাত ২ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

এনেদৰে অঞ্চলটোৰ যুৱক যুৱতীসকলক আগলৈ ক্ৰীড়া বা সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাই আহিছে বৰবৰুৱা প্ৰেছ ক্লাৱ আৰু লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাই। আগন্তুক দিনত এনে কাৰ্যসূচীয়ে উঠি অহা প্ৰজন্মক অধিক উৎসাহী কৰি তুলিব বুলিও আশা ব্যক্ত কৰিছে উদ্যোক্তা সমিতিয়ে।

Also Read: মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

independence day Barbaruah carrom competition