/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4d229bd5-cce3-4bff-911a-026056d65fe2/football.jpg)
ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলা আন্তঃস্কুল ফুটবলৰ সামৰণি। চিৰাং জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন আন্তঃস্কুল ফুটবল টুৰ্ণামেণ্টত ১৭ বছৰ অনূৰ্ধ ছোৱালী শাখাত উৰ্ব্বশী ব্ৰহ্ম মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪ বছৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ১৭ বছৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a56fd432-dcf7-4f51-87cb-c908914aa789/e641530a_7863_4873_a625_51a023dc18c4.jpg)
শনিবাৰে অনুষ্ঠিত চূড়ান্ত খেলত উৰ্ব্বশী ব্ৰহ্ম মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দলক ৫-০ গ'লত পৰাস্ত কৰে। আনহাতে ১৪ বছৰৰ অনূৰ্ধ ল'ৰাৰ শাখাত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বেংতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-১ গ'লত আৰু ১৭ বছৰৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত নিৰ্ধাৰিত সময়ত ২-২ গ'লত ড্ৰ হোৱা খেলখনত পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৰুভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক টাইব্ৰেকাৰত ৯-৮ গ'লত পৰাজিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a721b15b-7175-4f35-925c-152b74b3f997/3e1f0ec1_f64c_491b_af98_6a7f75058f5c.jpg)
শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ক্ৰমে ১৪ বছৰ অনূৰ্ধ শাখাত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনছুলা নাৰ্জাৰী, ১৭ অনূৰ্ধ্ব ছোৱালী শাখাত ঊৰ্ব্বশী ব্ৰহ্ম মেম'ৰিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনেশ্বৰী ওৱাৰীয়ে। আনহাতে ১৭ বছৰ অনূৰ্ধ ল'ৰা শাখাত গৰুভাষা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুলুংছাৰ বসুমতাৰীয়ে শ্ৰেষ্ঠ খলুৱৈৰ বঁটা লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/952150a6-341a-4d2e-a483-50560038e786/d41f9b9e_3184_4b0b_b131_22b17e38bb19.jpg)
শালঝোৰা খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ক্ৰীড়া বিভাগৰ কাৰ্য্যবাহী সদস্য দাওবাইছা বড়ো। বঁটা বিতৰণ কৰে জিলা ক্ৰীড়া বিষয়া দশৰথ ব্ৰহ্ম, জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোলাল বসুমতাৰী তথা বিভিন্ন স্কুলৰ মুৰব্বীসকলে।