/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/70c7ad38-3aeb-46e1-9e4b-9b1036326b64/A.jpg)
ডিজিটেল সংবাদ,মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ বুৰাবুৰী হাইস্কুলপৰীক্ষা কেন্দ্ৰৰ পৰা এই বছৰ ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৬ গৰাকী ছাত্ৰ ছাত্ৰীক কেন্দ্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল মান্নানে উক্ত সভাত সভাপতিত্ব কৰে।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কুৰানীবৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মমতাজ হুছেইনে। আদৰণি ভাষণ আগবঢ়াই কেন্দ্ৰ ব্যৱস্থাপক হবিবুৰ ৰহমানে। সাংবাদিক নজৰুল ইছলামে আঁত ধৰা অভিনন্দন অনুষ্ঠানত ৬ গৰাকী ডিষ্টিংচন,আৰু ১০ গৰাকী ষ্টাৰ নম্বৰ পোৱা শিক্ষাৰ্থীক গামোচা,কিতাপ আৰু অভিনন্দন পত্ৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/662d880d-fa79-40fd-aa91-e6e138346cee/23bca6b3_718b_41ad_8a11_2e181c24d075.jpg)
কেন্দ্ৰটো প্ৰতিষ্ঠা হোৱাৰ প্ৰথম বৰ্ষতে এইদৰে সফলতা কঢ়িয়াই আনে বুৰাবুৰী,কুৰানীবৰী,পাভকাতি,লেহপতি,ঝাৰগাঁও আৰু গাগলমাৰী পঞ্চায়তৰ ১৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। শনিবাৰে অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই বিশিষ্ট শিক্ষাবিদ লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকা আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা তথা লেখক ড০ উৎপল নাথে।
সভাত ২ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপৰিও অঞ্চলটোৰ সমাজ সচেতন ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই অৱসৰপ্ৰাপ্ত শিক্ষক সুধাংশু দাস,খগেন্দ্ৰনাথ চৌধুৰী,ইব্ৰাহিম খলিল,চৰকাৰী গাঁওপ্ৰধান ওচমান আলী,যুৱ সমাজকৰ্মী ছামছুদ্দিন আহমেদ, চফিকুল ইছলাম,শিক্ষক বিমল লোধ আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে । শলাগৰ শৰাই আগবঢ়াই শিক্ষক ৰূপেশ্বৰ মেধিয়ে।
Also Read: গুৱাহাটীত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ৪ খন মেচ