মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েট ফুটবল প্ৰতিযোগিতা

মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েট ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ,মিৰ্জা : বুধবাৰৰ পৰা মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত সদৌ অসম আন্তঃ ডায়েট ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। মিৰ্জাৰ ডায়েট খেলপথাৰত আজি সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অধ্যক্ষ ড০ পংকজা বৰুৱাই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে।

খেলৰ শুভ উদ্বোধন কৰে বৰপেটা এম চি কলেজৰ প্ৰবক্তা পুষ্পা জ্যোতি ওজাই। অনুষ্ঠানত উপস্থিত থাকে ডি কে কলেজৰ অধ্যক্ষ অধিকাৰী দেৱ, জেষ্ঠ প্ৰবক্তা ভূপেন দাস, ড০ শিৰোমণি ভূঞা,ড০ জুম্পা দে, প্ৰীতি পুষ্পা দাস,জোনমনি কলিতা,পল্লৱী ভট্টাচাৰ্য, সংগীতা বড়া, উপসনা শইকীয়া, জুনু দাস, ডেইজী গগৈ, নিৰ্মালি দাস, বিৰ্থিকা শইকীয়া, কমল মহন্ত, প্ৰাণেশ্বৰ গোস্বামী, খগেন তামুলী,শেখৰজ্যেতি মহন্তৰ উপৰি কেইবা শতাধিক ৰাইজ।

তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি শিক্ষামূলক প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠান আদিৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাই জনায় ।অনুষ্ঠানটি পৰিচালনা কৰে প্ৰবক্তা শিৰোমণি ভূঞাই।

অনুষ্ঠান মুকলি কৰে দায়েত কামৰূপৰ অধ্যক্ষ ড০ পংকজা বৰুৱাই। তেওঁৰ সাৱলীল ভাষণত মুগ্ধ হৈ পৰে উপস্থিত ৰাইজ। ইফালে সকলো খেলুৈসকলৰ সহযোগিতা বিচাৰে অধ্যক্ষগৰাকীয়ে লগতে ১৫ ডিচেম্বৰলৈ চলিব লগা সকলো অনুষ্ঠানত ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে।

মিৰ্জাত কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েট ফুটবল প্ৰতিযোগিতা
ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ 'অহল্যা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in