অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ মৃত্যু

অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ মৃত্যু

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহু নগৰৰ বিশিষ্ট নাগৰিক, অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি, অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী চিদানন্দ শৰ্মাৰ ২৬ মে’ত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ বাসগৃহত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ।

প্ৰয়াত শৰ্মাৰ টিহুস্থিত বাসগৃহত উপস্থিত হৈ বিভিন্ন দল-সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, লক্ষী শৰ্মা,ডঃ হেমেন ৰাজবংশী, ডঃ সুৰেশ চন্দ্ৰ শৰ্মা, অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা,সুশীল দাস,ৰবীন্দ্ৰনাথ স্বৰ্গীয়াৰী,মহেশ চন্দ্ৰ শৰ্মা আৰু ড৹ মামনী দেৱী, দেৰাজুদ্দিন আহমেদ, টিহু মহকুমা সাংবাদিক সন্থা,,বাক্সা জিলা শিক্ষক সন্থা, দীঘেলী হাইস্কুল পৰিচালনা সমিতি, টিহু দুৰ্গা পূজা সমিতি, আনন্দ বজাৰৰ গিৰীশ বিদ্যাপীঠ বিশেষ হাইস্কুল, টিহু ৰাস আৰু দুৰ্গা মন্দিৰ পৰিচালনা সমিতি আদিৰ প্ৰতিনিধিয়ে শৰ্মাৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

টিহুৰ ওচৰৰ ৰতনপুৰ গাঁৱৰ বিষ্ণুপুৰত ১৯২৮ খৃষ্টাব্দত জন্মগ্ৰহণ কৰা শৰ্মাই ১৯৫০ চনত টিহু হাইস্কুলৰপৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়তে তেওঁ ৰেল বিভাগত চাকৰি কৰে যদিও কিছুদিন পাছতে ৰে'ল বিভাগৰ চাকৰি ত্যাগ কৰি তেওঁ কাৰ্বি আলঙৰ এখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপ শিক্ষকতা জীৱন আৰম্ভ কৰে।

সেই সময়তে তেওঁ যোৰহাটৰপৰা বিটি ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁৰ জন্ম গাঁৱৰ ওচৰৰ দিঘেলী গাঁৱৰ স্থানীয় ৰাইজৰ অনুৰোধক্ৰমে দিঘেলী হাইস্কুললৈ বদলি হৈ সেইখন শিক্ষানুষ্ঠানৰপৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।

টিহুৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা শৰ্মাই অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সন্মুখৰপৰা নেতৃত্ব দিছিল। অসম আন্দোলনৰ সময়ত টিহু আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি তেওঁ অসম আন্দোলনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ আঞ্চলিক ৰাজনীতিৰ সৈতে জড়িত হৈ অসম গণ পৰিষদ দলৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য, টিহু‌ সাহিত্য সভাৰ প্ৰাক্তন বিষয়ববীয়া, টিহু‌ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন বিষয়ববীয়া, টিহু ৰাস মহোৎসৱ সমিতিৰ প্ৰাক্তন সভাপতিকে ধৰি টিহুৰ সমাজ জীৱনৰ বিশিষ্ট ব্যক্তি চিদানন্দ শৰ্মাৰ মৃত্যুৱে টিহু অঞ্চলত শোকৰ ছাঁ পেলায়।

তেওঁ টিহু সাহিত্য সভা, টিহু ৰাজহুৱা পুথিভঁৰাল, টিহু গান্ধী ভৱন পৰিচালনা সমিতি আদি সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ এই অনুষ্ঠানবোৰ সঠিকভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত ভূমিকা লৈছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুগৰাকী পুত্ৰ, দুগৰাকী কন্যা সন্তান সহ বহুতো আত্মীয় স্বজনক এৰি থৈ যায়।

অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ মৃত্যু
সামুদ্ৰিক পথেৰে ড্ৰাগছৰ চোৰাং সৰবৰাহ : ভাৰত-শ্ৰীলংকা নৌসেনাৰ বিশেষ ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in