মিঠাইৰ ভিতৰত বিষাক্ত পোক-পৰুৱাৰ অৱস্থিতি, বীৰ লাচিত সেনাই বন্ধ কৰালে হোটেল..

এইবাৰ মিঠাইৰ ভিতৰত উলাইছে পোক। গোগামুখৰ গেৰুকামুখ ৰোডত থকা সুজন হোটেলৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। বিগত কেইবাবছৰ ধৰি সুজন হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ ৰাইজৰ। মিঠাইত নানান ৰাসায়নিক দ্ৰব্য মিলাই বিক্ৰী কৰাৰো অভিযোগ

author-image
Asomiya Pratidin
New Update
মিঠাইত ওলাল পোক

মিঠাইত ওলাল পোক

ডিজিটেল ডেস্ক, গোগামুখ:  এইবাৰ মিঠাইৰ ভিতৰত উলাইছে পোক। ধেমাজি জিলাৰ গোগামুখৰ গেৰুকামুখ ৰোডত থকা সুজন হোটেলৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। বিগত  কেইবাবছৰ ধৰি গোগামুখৰ সুজন হোটেলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ অভিযোগ ৰাইজৰ। কেৱল ইমানেই নহয়, মিইঠাত নানান ৰাসায়নিক দ্ৰব্য মিলাই বিক্ৰী কৰাৰো অভিযোগ হোটেলখনৰ বিৰুদ্ধে। দেওবাৰে এজন গ্ৰাহকে হোটেলৰ মিঠাই সেৱন কৰিবলৈ লোৱাৰ সময়তে মিঠাইৰ ভিতৰত বিষাক্ত পোক-পৰুৱাৰ অৱস্থিতি দেখা পায়। লগে লগে গ্ৰাহকগৰাকীয়ে হোটেল কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে যদিও কোনো গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰে গ্ৰাহকজন। যাৰবাবে গ্ৰাহকজনে পৰৱৰ্তীসময়ত স্থানীয়লোকক অৱগত কৰে। অভিযোগ অনুসৰি সুজন হোটেলত অস্বাস্থ্যকৰ তথা দুৰ্গন্ধময় পৰিৱেশৰ মিঠাই ৰখাৰ বাবে পোক পৰুৱা, মাখি  মিঠাইৰ ওপৰত পৰি থাকে। মিঠাইৰ ওপৰত কোনোধৰনৰ আৱৰন দিয়া ব্যৱস্থা গ্ৰহণ নকৰে হোটেন কৰ্তৃপক্ষই ৷ যাৰবাবে এতিয়া মিঠাইসমূহত মাখিয়ে কণি পাৰিবলৈ আৰম্ভ কৰিছে আৰু তাকেই গ্ৰাহক সকলে পৰম তৃপ্তিৰে গ্ৰহণ কৰি আহিছে।  

Advertisment

গ্ৰাহকৰ অভিযোগ নস্যাৎ কৰা কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰে বীৰ লাচিত সেনা গোগামুখ আঞ্চলিক সমিতি।  হোটেল কৰ্তৃপক্ষক জবাবদিহী কৰে সংগঠনটোৱে। সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ধেমাজি জিলা খাদ্য সুৰক্ষা বিভাগৰ এটা সজাতি দলে হোটেলখনলৈআহি পৰ্যবেক্ষণ কৰি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে। ইফালে কিছুদিনৰ আগতে হোটেলখনৰ পৰা এজন কৰ্মচাৰী নিৰুদ্দেশৰ পাছতো আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। 

dhemaji Sweets