
ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে ৰাজভৱনত আলোচনাৰ পিচতে তদন্ত সমিতি গঠন কৰি দিয়াক লৈ এবছুৱে আদৰণি জনাইছে । বৃহস্পতিবাৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে এই সন্দৰ্ভত বিভিন্ন মন্তব্য কৰে।
তেওঁ কয় যে দুৰ্নীতিৰ গোচৰত লিপ্ত থকা তথা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ পিছত অকৰ্মন্য,অপদাৰ্থ লাইশ্ৰাম লাড্ডু সিং বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদত থকাৰ কোনো যুক্তি নাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত হোৱা তিনিজনীয়া তদন্ত সমিতিক আদৰণি জনাই এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে তদন্ত সমিতিক দুৰ্নীতিৰ সকলো তথ্য পাতি জমা দিয়া হ'ব বুলি সদৰি কৰিছে ।
ইয়াৰোপৰি তদন্ত নিকা হোৱাৰ স্বাৰ্থত এবছুৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিংক নিলম্বিত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে তদন্তৰ পিছত উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিংক বৰ্খাস্ত কৰিবলৈও দাবী জনাইছে । উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিংৰ বিৰুদ্ধে নিৰ্মান কাৰ্যৰ অনিয়ম,নিযুক্তি আৰু নামভৰ্তিকৰণ অনিয়ম আদিকে ধৰি আন কেবাটাও বিষয়ত দুৰ্নীতি কৰা বুলি এবছুৱে অভিযোগ উত্থাপন কৰি উপাচাৰ্যৰ অপসাৰণৰ দাবীত ইতিপূৰ্বে এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছিল ।