/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9d1090d0-f98f-41b9-950c-2cb56cd2c92e/n10.jpg)
ডিজিটেল সংবাদ , বঢ়মপুৰ : উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম দৃষ্টিহীন শিক্ষানুষ্ঠান তথা নগাঁও জিলাৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিনৱ পদক্ষেপ। বিদ্যালয় প্ৰাংগণত দেওবাৰে মানৱসেৱাৰ অন্যতম অনুষ্ঠান "স্নেহাশিস দৃষ্টিহীন সেৱা আশ্ৰম " সমিতিৰ উদ্যোগত অসমৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত "পংকজ কুমাৰ নাথ"ৰ অন্ত:দৃষ্টিৰ পৰিকল্পনা আৰু "ৰক্তিম ৰঞ্জন নাথ"ৰ সম্পাদনাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছমহীয়া বার্তালোচনী " নক্ষত্ৰ যাত্ৰা জীৱনৰ" আনুষ্ঠানিকভাৱে ৰাইজৰ হাতত তুলি দিয়া হয় ।
এই উপলক্ষে বিদ্যালয়খনৰ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনেৰে আৰম্ভণি হোৱা মুকলি সভাখনিৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক,সাংবাদিক তথা সমালোচক মোলান লস্কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত "নক্ষত্ৰ"পৰিকল্পনা তথা অনুষ্ঠানটিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ নাথে কয় যে আমি অসমৰ দিব্যাংগসকলৰ বহু জীয়া কাহিনী এই ছমহীয়া বার্তালোচনীখনৰ জৰিয়তে চৰকাৰ আৰু সমাজৰ সন্মুখত উন্মোচিত কৰিব বিচৰিছোঁ যাতে এই অৱহেলিত ব্যক্তিসকলে চৰকাৰ আৰু সমাজৰ পৰা সমমৰ্যাদা , সমঅধিকাৰ আৰু সমপ্ৰাপ্য গ্ৰহণ কৰিব পাৰে ।
লগতে আমাৰ দিব্যাংগসকলক এখন প্ৰতিভাৰ মঞ্চ দিয়াৰ উপৰিও চাৰিওফালে মুকলি আকাশৰ তলত , পদপথত আৰু পৰিয়ালৰ পৰা বঞ্চিত আটাইৰে স্থল হিচাপে বঢ়মপুৰতেই এখন দৃষ্টিহীন সেৱা আশ্ৰম নিৰ্মাণ কৰিব বিচাৰিছোঁ । নাথে লগতে কয় যে আমি দিব্যাংগসকলৰ বাবে এখনি সাহায্য পুঁজি গঠন কৰিব বিচাৰিছোঁ যাৰ জৰিয়তে দুখীয়া,মেধা ছাত্ৰ-ছাত্ৰীসকল তথা ৰুগীয়াসকলে যৎকিঞ্চিত সহায়ৰ হাত আগবঢ়াব পাৰে ।
অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে আজি দন্ত চিকিৎসক ডাঃ সমৰ জ্যোতি মেধিৰ দ্বাৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি বিনামূলীয়া দন্ত চিকিৎসা শিবিৰো অনুষ্ঠিত হয় । আজিৰ সভাতেই বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গুণ বৰাক "স্নেহাশিস"ৰ ফালৰ পৰা তেখেতৰ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰা সমাহিত চিন্তা আৰু অতুলনীয় কৰ্মদক্ষতাৰ বাবে "কৰ্মপ্ৰেৰণা "বঁটা প্ৰদান কৰা হয় ।
আজিৰ সভাত বিশিষ্ট কবি তথা লেখক ডাঃ অনিল লালুং,নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মিলন জ্যোতি নেওগ , বিশিষ্ট অভিনেতা তথা পৰিচালক ৰাজীৱ বৰঠাকুৰ,নগাঁও ছোৱালী কলেজৰ অধ্যাপিকা অমিয়া পাটৰ,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতি,বিশিষ্ট লেখক পুনিৰাম শইকীয়া,আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট কবি জীৱন নৰহ,নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা,মঙলদৈৰ বিশিষ্ট ক্ৰীড়াবিদ পৰেশ চন্দ্ৰ নাথ,বিশিষ্ট লেখক কৌশিক নন্দন বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষক তথা অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে দয়াৰাম কলিতা আৰু ৰমেশ চন্দ্ৰ হাজৰিকা আদিয়ে "নক্ষত্ৰ" আৰু স্নেহাশিসৰ যাত্ৰা অব্যাহত থকাৰ আশা প্ৰকাশ কৰি "নক্ষত্ৰ"ৰ পৰিকল্পনা পংকজ কুমাৰ নাথ আৰু সম্পাদক ৰক্তিম ৰঞ্জন নাথৰ প্ৰচেষ্টাক শলাগ লয় ।
আজিৰ সভাত বিশিষ্ট সমাজসেৱক দুৰ্লভ পৱন বৰুৱা,মৌজাদাৰ মাধন শইকীয়া , অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে মামণি কলিতা,পৱিত্ৰ কুমাৰ নাথ,বিশিষ্ট লেখিকা তথা কণ্ঠশিল্পী ক্ৰমে সীমাৰেখা ডেকা আৰু ক্ষীৰদা দেৱী,স্নেহাশিস আৰু নক্ষত্ৰৰ সভাপতি ক্ৰমে ইউমিনত আৰু পুতলা বৰুৱা ,সহ সম্পাদক খগেন শইকীয়া আদিকে প্ৰমুখ্যে কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e7051347-aa1c-423b-9845-83633b0bcb1d/7be9aac9_981e_4fb2_af80_3f8b51d97fb5.jpg)
আৰু পঢ়কঃ ভাৰতীয় জনতা যুৱ মৰ্চা বিলাসীপাৰাৰ উদ্যোগত স্বাস্থ্য শিবিৰ