ভাৰতীয় জনতা যুৱ মৰ্চা বিলাসীপাৰাৰ উদ্যোগত স্বাস্থ্য শিবিৰ

দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা বিলাসীপাৰাৰ উদ্যোগত, বিলাসীপাৰা পৌৰসভা ,মহকুমা ৰেডক্ৰছ ছচাইটি আৰু দীনবন্ধু কো: অপাৰেটিভ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় জনতা যুৱ মৰ্চা বিলাসীপাৰাৰ উদ্যোগত স্বাস্থ্য শিবিৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত স্বাস্থ্য শিবিৰ। দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চা বিলাসীপাৰাৰ উদ্যোগত, বিলাসীপাৰা পৌৰসভা ,মহকুমা ৰেডক্ৰছ ছচাইটি আৰু দীনবন্ধু কো: অপাৰেটিভ ছচাইটি"ৰ সহযোগত আয়োজিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

Advertisment

আজি আয়োজিত স্বাস্থ্য শিবিৰটিৰ শুভ উদ্বোধন কৰে ধুবুৰীৰ উপায়ুক্ত দিবাকৰ নাথে। শিবিৰটিত কেইবাগৰাকী বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত ৫শতাধিক ৰোগীয়ে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে।

অসম বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী,বিলাসীপাৰা মহকুমাধিপতি মনোৰঞ্জন পায়েং, বিজেপি জিলা সভাপতি প্ৰফুল্ল কলিতা, বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি,চাপৰ পৌৰসভাৰ পৌৰপতি, গোলকগঞ্জ পৌৰসভাৰ পৌৰপতি, চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী, দলীয় কাৰ্যকৰ্তাসকল উক্ত শিবিৰত উপস্থিত থাকে ।

আনহাতে আজি উপায়ুক্ত দিবাকৰ নাথে জিলাখনৰ চিৰাকূটা পঞ্চায়তৰ অন্তৰ্গত বেতবাৰী মডেল অংগনাবাদী কেন্দ্ৰ আৰু টিলাপাৰা পঞ্চায়তৰ অন্তৰ্গত চৰুৱাবাখৰা উপ স্বাস্থ্য কেন্দ্ৰটি স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰলৈ উন্নীতকৰণ কামৰ শুভ উদ্বোধন কৰে।উক্ত অনুষ্ঠানতো অসম বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী,বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, চাপৰ পৌৰসভাৰ পৌৰপতি, বিজেপি মণ্ডল সভাপতি দ্বয় শ্ৰীযুত প্ৰতুল বৰ্মন আৰু দেৱজিত বৰকলিতা লগতে সতীৰ্থ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

আৰু পঢ়কঃ সমাজকৰ্মী ভুৱনেশ্বৰ শৰ্মাৰ মৃত্যুত শোক

heath camp