/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7d402510-0ea7-4b27-ab22-6309679fd461/inn.jpg)
ডিজিটেল ডেস্ক: আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হৈছিল 'উদ্ভাৱণ উৎসৱ'। দুদিনীয়া কাৰ্যসূচীৰ পাছত মেঘালয়ৰ যুৱক গৌতম গুৰুমক প্ৰদান কৰা হয় 'দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩'।
গুৰুমে যি নিজৰ একক উদ্ভাৱনী সঁজুলিৰ দ্বাৰা ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ যান বাহন আৰোহী তথা প্ৰশাসনৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৷ পশ্চিম বংগ আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৩২ টা উদ্ভাৱনী প্ৰকল্পই এই উৎসৱত অংশ লৈছিল। ১১ আৰু ১২ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত উৎসৱত বিভিন্ন আকৰ্ষণীয় সঁজুলি প্ৰদৰ্শিত হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3ad4e914-8988-43e5-9cef-50f109b4a1a9/0884a9f1_bb97_48d5_9a28_288759e0d02f.jpg)
প্রয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী আৰু উদ্ভাৱক।তেওঁ উদ্ভাৱন কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰই ভাৰতক ক্ৰমবিকশিত হোৱাত সহায় কৰিছে। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান মহলে তেওঁক প্ৰতিবছৰে স্মৰণ কৰে আৰু সমাজ পৰিৱৰ্তনৰ হকে উন্নত উদ্ভাৱন কৰা নতুন উদ্ভাৱকক তেওঁৰ নামত বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2981d33a-e0d7-40ed-aded-f5d80d9a1f86/00436581_4159_49ca_931d_a5ebb20cb3ec.jpg)
অসম চৰকাৰ গ্ৰামীন জীৱীকা অভিযানৰ মিছ্ন সঞ্চালক কৃষ্ণা বৰুৱা, হাইদাৰবাদৰ বিশিষ্ট সাংবাদিক বুধিজীৱী সুধাকৰ ৰাও, বিজ্ঞান কেন্দ্ৰ গুবাহাটীৰ প্ৰকল্প সমন্ব্য়ক সুজ্য় মজুমদাৰ , ৰাষ্ট্ৰীয় উদ্বভাৱনী প্ৰতিস্থানৰ বিজ্ঞানী ড৹ ৰাজীৱ মিলি এই অনুষ্ঠানত উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9251ad54-e1db-46e3-880b-e0c902d78878/b3a88d0e_d6c0_4d7a_b2c9_9bbc34362472.jpg)
উল্লেখ্য যে এইবাৰৰ বিজয়ী মেঘালয়ৰ যুৱক গৌতম গুৰঙ কভিড মহামাৰীক মোকাবিলা কৰিবলৈ স্বয়ংক্ৰীয় চেনিটাইজ ব্যৱস্থা সংম্বলিত বাহন তৈয়াৰ কৰি প্ৰদৰ্শন কৰিছিল। উল্লেখ্যযোগ্য যে গুৰুঙ বিগত কভিড মহামাৰীৰ সময়ত গাড়ী চালক ৰূপে নিজৰ জীবিকা নিৰ্বাহৰ বাবে যঠেষ্ট সমস্যাৰ মুখামুখি হৈ নিজৰ আৰু দহৰ সুৰক্ষাৰ বাবে এই প্ৰকল্প উদ্ভাৱন কৰে আৰু ইয়াক বাস্তবায়িত কৰে। এই সজুলি বিধৰ মূল্য মাত্ৰ দুই পৰা তিনি হেজাৰ টকা মাত্ৰ। এই বঁটা লাভ কৰি গৌতম গুৰঙ নিজৰ মাক দেউতাকক এই সফলতা উৎসৰ্গা কৰে ।
আৰু পঢ়ক: মধ্যবিত্তক লগত লৈ নতুন ইতিহাস সৃষ্টিৰ দিশে ২০২৪...