মহুৰামুখ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

মহুৰামুখ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাত উপ জিলাৰ মধ্য মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত ২০১৫ চনত প্ৰতিষ্ঠা হোৱা অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদৰ অধীনত আৰু বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰৰ তত্বাৱধানত মহুৰামুখ জাতীয় বিদ্যালয়ৰ অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰ-ছাত্ৰীসকলৰ হেঁপাহৰ অনুষ্ঠান গীত-মাতৰ গধূলি কাৰ্যসূচীত প্ৰথমে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱাই ।

শিল্পী মোহিনী ৰাজকুমাৰী প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে নাতিনী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,লেখিকা বীণা ৰাজকুমাৰীয়ে , প্ৰাচীৰ পত্ৰিকা জোনাক উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ড° অমৰজ্যোতি বৰদলৈয়ে , গণিতৰ প্ৰাচীৰ পত্ৰিকা আৰ্যভট্টীয়ম উন্মোচন কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক মহেন শাইকীয়াই ।

অংকৰ-প্ৰাক প্ৰাথমিকৰ প্ৰাচীৰ পত্ৰিকা মৌ-মাত উন্মোচন কৰে সত্ৰীয়া সাধক ,লেখক নীৰেন কাকতীয়ে আৰু শিশু ওলমা চ'ৰা দ্বাৰ মুকলি কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° গায়ত্ৰী বৰা কাকতীয়ে ।

প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল ক্ৰমে গোলাঘাট জিলাৰ কৃতি শিক্ষক বঁটা প্ৰাপক মুখেশ্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যোগেশ লইং, চিত্ৰশিল্পী বদন দাস , সমাজকৰ্মী তেজস্বী ফুকন, সাংস্কৃতিক কৰ্মী লৱন ফুকন, সাংবাদিক ৰিণ্টু দুৱৰা,সমাজকৰ্মী বিষ্ণু ভূঞা যুৱ সমাজকৰ্মী সোনমনি হাজৰীকা, জেষ্ঠ নাগৰিক প্ৰফুল্ল ডেকাক । বিদ্যালয়লৈ বিভিন্ন বিষয়ত সুনাম কঢ়িয়াই অনা নৱম শ্ৰেণী ছাত্ৰ পাঞ্জু মৰাং,গৌৰৱ হাজৰিকা ,নিবিৰ নয়ন ৰাজখোৱা, অষ্টম শ্ৰেণী ছাত্ৰী অৰ্পিতা লইং আৰু সপ্তম শ্ৰেণী ছাত্ৰী শিৱানী তাঁতী এই পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়ৰ কতৃপক্ষই ।

গীত-মাতৰ গধূলি মঞ্চ উদ্বোধন কৰে বিশিষ্ট কবি , লেখক দিলীপ ফুকনে আৰু বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীসকলে জাতীয় বিদ্যালয় সংগীত "আলোক সন্ধানী "সমবেত সংগীতেৰে গীত-মাতৰ গধূলি শুভাৰম্ভ কৰাৰ লগে লগে অংকুৰ -প্ৰাথমিকৰ পৰা নৱম শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে ।

বিদ্যালয়ত নতুনকৈ সংযোজন হোৱা ভায়লীন বাদন আৰু সত্ৰীয়া নৃত্য ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰে । বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষয়িত্ৰী জ্ঞানৱী শইকীয়াই হেম বৰুৱা কবিতা মমতা চিঠি কবিতাটো সুন্দৰকৈ পাঠ কৰে । অসমীয়া ভাষা লগতে ইংৰাজী ভাষাটোও সমান্তৰালকৈ গুৰুত্ব প্ৰদান কৰি অহা মহুৰামুখ জাতীয় বিদ্যালয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষাত নাট পৰিৱেশন কৰে আৰু দ্বিতীয় শ্ৰেণী ছাত্ৰ সকলে এখন আলখ্য , নৱম, অষ্টম,সপ্তম,ষষ্ঠ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীসকলে নাট্যকাৰ অমৰ শৰ্মাৰ প্ৰনৱ শইকীয়া,বাস্তৱ বৰা, তৰুণ তীৰ্থ শইকীয়াই পৰিচালনা কৰা কেতেকী চৰাই কথাৰে এখন পূৰ্ণাঙ্গ নাটক পৰিৱেশন কৰে।

বিদ্যালয়ৰ ২২-২৩ বৰ্ষত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত অষ্টম শ্ৰেণী ছাত্ৰী অৰ্পিতা লইঙক প্ৰথমবাৰৰ বাবে মহুৰামুখ ভৰালীপাৰৰ সমাজকৰ্মী গোপাল দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰে পৰিয়ালবৰ্গই। বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ বৰুৱা ,বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহ,বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদ, সমাজকৰ্মী তেজস্বী ফুকন, সাংবাদিক ৰিণ্টু দুৱৰা,নাট্যকাৰ অমৰ শৰ্মাই বক্তব্য প্ৰদান কৰে । নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ছয়টা ভাষাত অসম সংগীত পৰিৱেশন কৰি অনুষ্ঠান সমাপ্ত কৰে ।

মহুৰামুখ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
গোগামুখ-ঘিলামৰাত চিমেণ্টৰ চোৰাং বেহা : ৰাজপথত চিমেণ্ট বিক্ৰী,টকা লৈ উধাও চালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in