/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6b9601a5-42a5-42c9-9099-7dcac9297d32/BAIHATA_26.jpg)
কামৰূপ জিলাৰ আল্টা গাঁৱৰ হত্যাকাণ্ডৰ ঘটনাঃ গণপ্ৰহাৰত অভিযুক্তৰ মৃত্যু...
ডিজিটেল সংবাদ দুমুনিচকী: কামৰূপ জিলাৰ দুমুনিচকীৰ নিকটৱৰ্তী আল্টা গাঁৱত সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নয়নমনি ডেকাৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উল্লেখ্য যে, যোৱা ২১ ডিচেম্বৰ তাৰিখে নিশা একেখন গাঁৱৰ নিবাসী তথা দুটা সন্তানৰ পিতৃ বিনয় ৰাজবংশী নামৰ এজন লোকক নয়নমনি ডেকাই টাঙোনেৰে প্ৰহাৰ কৰি হত্যা কৰিছিল।
উক্ত ঘটনাৰ পিছৰ পৰা পলায়ন কৰি থকা নয়নমনিক সোমবাৰে পুৱা বাসগৃহৰ সমীপত স্থানীয় লোকে প্ৰত্যক্ষ কৰি উত্তম মধ্যম শোধাই। ঘটনা সম্পৰ্কে অবগত হৈ বাইহাটা চাৰিআলি আৰক্ষীয়ে নয়নমনিক আটক কৰি বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচ লৈ প্ৰেৰণ কৰে।
কিন্তু মঙ্গলবাৰে দিনৰ প্ৰায় ৩ বজাত চিকিৎসাধীন অৱস্থাতে নয়নমনিয়ে শেষ নিশ্বাস ত্যাগ কৰে। বাইহাটা চাৰিআলি আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি মৃত নয়নমনিক বৰ্তমান জি এম চি এইচৰ মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হৈছে।
Also Read: পথ অৱৰোধ কৰি পথ সুৰক্ষা সভা পাতিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us