পথ অৱৰোধ কৰি পথ সুৰক্ষা সভা পাতিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...

পথ অৱৰোধ কৰি পথ সুৰক্ষা সভা পাতিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...

author-image
Asomiya Pratidin
New Update
পথ অৱৰোধ কৰি পথ সুৰক্ষা সভা পাতিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...

পথ অৱৰোধ কৰি পথ সুৰক্ষা সভা পাতিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই...

ডিজিটেল সংবাদ চামগুৰিঃ পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ নামত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ আজৱ কাণ্ড। মন্ত্ৰীৰ কনভয়ৰ লগত অহা বাহন ৰখালে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত।

Advertisment

মঙ্গলবাৰে পথ সুৰক্ষাৰ এক সজাগতা সভাত অংশ ল'বলৈ চামগুৰিত উপস্থিত হৈছিল পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ইয়াৰ পাছতে চামগুৰিত উপ-পথ অবৰোধ কৰি পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক নীতি বচন দিয়া কাৰ্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সভাত অংশগ্ৰহণ কৰি সুৰা সেৱন কৰি বাহন নচলাবলৈ পৰামৰ্শ দি তেওঁ কয়, "চৰকাৰে সুৰাৰ বিপনী খুলিব দিছে, কিন্তু সুৰাপান কৰি বাহন চলাবলৈ অনুমতি দিয়া নাই। এই প্ৰসংগতে তেওঁ কয়, দোকানত ছালফিউৰিক এছিডো পাই সেইবাবে খাই দিব নেকি?

আনহাতে জ্যেষ্ঠ বিধায়ক অতুল বৰাই বনভোজ খাবলৈ গ'লে সুৰা পান কৰাৰ ওপৰত যি মন্তব্য কৰিছিল সেই মন্তব্যৰো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, সেয়া বিধায়ক বৰাৰ ব্যক্তিগত মন্তব্য।

উল্লেখ্য, চামগুৰি আৰু পুৰণিগুদামত পৃথকে-পৃথকে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মটৰচাইকেল ৰেলী কৰি আহি উপস্থিত হয় এই পথ সুৰক্ষা সজাগতা সভাত।

Also Read: নগাওঁ শাখা লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখন সম্পন্ন...

পৰিমল শুক্লবৈদ্য পথ সুৰক্ষা সভা