কাজিৰঙাত গঁড় নিধনৰ গাপ দিয়া তথ্য ফাদিল : ২২তাৰিখে নিধন হৈছিল দুটা গঁড়, এতিয়াও উদ্ধাৰ হোৱা নাই এটা খৰ্গ

আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ যৌথ অভিযানত এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰাৰ পিছত দ্বিতীয়টো গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবেও ক্ষীপ্ৰ অভিযান অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত গঁড় নিধনৰ গাপ দিয়া তথ্য ফাদিল : ২২তাৰিখে নিধন হৈছিল দুটা গঁড়, এতিয়াও উদ্ধাৰ হোৱা নাই এটা খৰ্গ

ডিজিটেল ডেস্ক : বন বিভাগৰ মিথ্যাচাৰ। বিভাগটোৰ বন্যপ্ৰাণী শাখাই প্ৰকাশ কৰা এক আনুষ্ঠানিক বিবৃতিয়েই আজি ফাদিল কৰিছে বিগত এসপ্তাহে প্ৰকৃত তথ্য লুকুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২২ জানুৱাৰীত এটা গঁড় নিধন হোৱা বুলি চলোৱা মিথ্যা প্ৰচাৰৰ আচল ৰূপ।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, কাজিৰঙাৰ অগৰাতলি ৰেঞ্জৰ পূব প্ৰান্তৰ প্ৰায় ১কিলোমিটাৰ দূৰত্বতে দুটাকৈ এশিঙীয়া গঁড় হত্যা কৰি ২২জানুৱাৰীত চোৰাং চিকাৰীয়ে খৰ্গ দুটা লৈ যাই যদিও দায়িত্বশীল বিষয়াই সেই সময়ত এটা গঁড়হে নিধন কৰাৰ খবৰ প্ৰচাৰ কৰিছিল। পিছে ইতিমধ্যে ৰাইজৰ মাজত দ্বিতীয়টো গঁড় হত্যা কৰি খৰ্গ চুৰ কৰি নিয়াৰো খবৰ প্ৰকাশ পায়।

এই সন্দৰ্ভত আজি বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিচতেই কৌশলপূৰ্ণভাৱে বন্যপ্ৰাণী বিভাগে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, যোৱা এটা বছৰত বানপানীকে ধৰি প্ৰাকৃতিক কাৰণত মৃত্যু হোৱা ৭৯টা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আনহাতে ২২জানুৱাৰীত হত্যা কৰা গঁড়ৰ এটা খৰ্গসহ জাগু পেগু নামৰ চোৰাং চিকৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ যৌথ অভিযানত এজন চোৰাং চিকাৰীক কৰায়ত্ব কৰাৰ পিছত দ্বিতীয়টো গঁড়ৰ খৰ্গ উদ্ধাৰৰ বাবেও ক্ষীপ্ৰ অভিযান অব্যাহত আছে।

বিবৃতিটোত এই কথাও উল্লেখ কৰে যে, চোৰাং চিকাৰীয়ে এ কে চিৰিজৰ বন্দুক ব্যৱহাৰৰ প্ৰত্যুত্তৰ দিব পৰাকৈ বন সুৰক্ষা কৰ্মী তথা তহলদাৰী বাহিনীৰ অস্ত্ৰ-শস্ত্ৰৰ শক্তিয়ো বৃদ্ধি কৰা হৈছে।

Also Read: প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

Assam police kaziranga kaziranga national park assam forest department