প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰি স্মিতাক্ষী বি গোস্বামীয়ে কয়- আজি নৰ্থ-ইষ্ট স্কেটাছ গীল্ডে আয়োজন কৰা স্কেটিং চেম্পিয়নশ্বিপত উপস্থিত থাকি সচাঁকৈয়ে ভাল লাগিছে।
প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ

ডিজিটেল ডেস্ক : প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীস্থিত মেট্ৰে'পলিটান হাইস্কুল প্ৰাঙ্গনৰ স্কেটিং পাৰ্কত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ।

এই খেলখনত উত্তৰ-পূৰ্বাঞ্চলৰ ৪খন ৰাজ্য ক্ৰমে অৰুণাচল, মেঘালয়, নাগালেণ্ড আৰু অসমৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। আয়োজক সমিতিয়ে জনোৱা অনুসৰি প্ৰায় ১৩০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত। মুঠ ৪টা শাখাত অনুষ্ঠিত কৰা হৈছে প্ৰতিযোগিতাখন।

উক্ত প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে। প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰি স্মিতাক্ষী বি গোস্বামীয়ে কয়- আজি নৰ্থ-ইষ্ট স্কেটাছ গীল্ডে আয়োজন কৰা স্কেটিং চেম্পিয়নশ্বিপত উপস্থিত থাকি সচাঁকৈয়ে ভাল লাগিছে। ল'ৰা-ছোৱালীৰ কাৰণে স্কেটিং খেল এক উৎসাজনক খেল। লগতে প্ৰতিযোগিতাখনিৰ সমূহ কৰ্মকৰ্তা তথা উদ্যোক্তালৈ তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰথম নৰ্থ-ইষ্ট -ইণ্ডিয়া ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীৰ
টাটা ইলেক্ট্ৰনিকচ নিযুক্তি অভিযানত নিৰ্বাচিত মহিলা প্ৰাৰ্থীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মত বিনিময়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in