ইন্দ্রাণীৰ প্ৰসংগত ইজনৰ পাছত সিজন বিজেপি নেতা তলব আৰক্ষীৰ

ইন্দ্রাণী তহবিলদাৰ
ইন্দ্রাণী তহবিলদাৰ

ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ সন্দৰ্ভত আন দুজন বিজেপি নেতাক তলব আৰক্ষীৰ। চানমাৰি আৰক্ষীয়ে তলব কৰিছে বিজেপি নেতা মৃগাংক বৰ্মন আৰু প্রণৱজ্যোতি লহকৰক। উল্লেখযোগ্য যে, ইতিমধ্যেই আৰক্ষীৰ জিম্মাত থকা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাই জেৰাত মৃগাংক বৰ্মনৰ নাম লৈছিল।

তাৰ পাছতেই মঙলবাৰে পুৱাই চানমাৰি আৰক্ষীয়ে তলব কৰিছে মৃগাংক বৰ্মনক। নিশা আৰক্ষী থানাত উপস্থিত হোৱাৰ কথা আছিল মৃগাংকৰ। কিন্তু নিশা উপস্থিত নোহোৱাৰ বাবেই বিজেপি নেতাগৰাকীক পুৱাই তলব কৰে আৰক্ষীয়ে।

এই সন্দৰ্ভত বুধবাৰে পুনৰ থানাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে মৃগাংক আৰু প্রণৱজ্যোতিক। আনহাতে মঙলবাৰে পুনৰ চানমাৰি থানালৈ অনা হৈছে মূল অভিযুক্ত অনুৰাগ চলিহাক। বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ ঘটনাই বিজেপিৰ ভিতৰচ'ৰাক বাৰুকৈয়ে কঁপোৱাত এতিয়া নিদ্ৰা হৰণ হৈছে বিজেপিৰ বহু দলীয় নেতা-পালিনেতাৰ।

ইন্দ্রাণী তহবিলদাৰ
'লুনা-২৫' বিফলতাৰ দুখত স্বাস্থ্যৰ অৱনতি ৰাছিয়াৰ জ্যেষ্ঠ বিজ্ঞানীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in