/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5a043f35-6405-4b90-bcf8-72e309072658/BSF.jpg)
ডিজিটেল ডেস্কঃ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মেঘালয়ৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) ১১০ বেটেলিয়নৰ সৈন্যই পূব খাচী পাহাৰৰ ইচামাটি-শেলা পথৰ পৰা দুখন ট্ৰাকত কঢ়িয়াই নিয়া ৫৮ টা ম'হ জব্দ কৰে। এই ম'হবোৰ বাংলাদেশলৈ চোৰাং ভাবে ব্যৱসায়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ নিয়া হৈছিল বুলি সুৰক্ষা বাহিনীটোৱে জানিবলৈ দিয়ে। জব্দ কৰা ম'হ আৰু বাহনকেইখন আইনী ব্যৱস্থাৰ বাবে আৰক্ষী থানাক হস্তান্তৰ কৰা হয়।
আনহাতে একেদিনাই বিএছএফৰ ১৯৩ বেটেলিয়নৰ এক পৃথক অভিযানত বাংলাদেশলৈ চোৰাংকৈ নিয়াৰ সময়তে পূব খাচী পাহাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৩০ টা গৰু উদ্ধাৰ কৰে। উল্লেখ্য আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ অভিযানত ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈ মেঘালয়ৰ বিভিন্ন সীমান্ত অঞ্চলৰ পৰা ২০০০ তকৈও অধিক গৰু জব্দ কৰা হৈছে।
Also Read: যোৰহাট টাউন ক্লাবৰ ফুটবল বাচনি শিবিৰ সম্পন্ন