/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/81544a02-9dd9-4a76-84d8-f466b02907c6/Foot.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভূক্ত 'এ' ডিভিজন ক্লাব যোৰহাট টাউন ক্লাবে শনিবাৰে ডনবস্ক' হাইস্কুল বাঘচোঙৰ পথাৰত অনুষ্ঠিত কৰা ১৩, ১৫ আৰু ১৭ বছৰ অনুৰ্ধ্ব ফুটবল দলৰ বাচনি শিবিৰ সফলতাৰে সম্পন্ন কৰে। সমগ্ৰ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা বাচনি শিবিৰ উদ্ধোধন কৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীক টাউন ক্লাবৰ পৰা অসম ফুটবল সন্থাৰ উপ-সভাপতি দায়িত্ব লাভ কৰাৰ বাবে এখন সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/79d15f84-d92b-4920-b0bd-de501ea07a1f/c5ee547c_62d8_4495_82ee_ff9973d3f694.jpg)
টাউন ক্লাবৰ সাধাৰণ সম্পাদক কৌশিক হাজৰিকাই আঁতধৰা অনুষ্ঠানত যোৰহাট টাউন ক্লাবৰ সভাপতি প্ৰবীৰ শইকীয়া, জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ চেয়াৰমেন ললিত বৰা আৰু গোহাঁই টেকেলা ফুটবল ক্লাবৰ সভাপতি ডা: অজয় পাচনী লগতে টাউন ক্লাবৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতি থাকে। যোৰহাট টাউন ক্লাবে জানিবলৈ দিয়ে যে, অহা সপ্তাহত ১৩, ১৫ আৰু ১৭ বছৰ অনুৰ্ধ্ব খেলুৱৈ নিৰ্বাচনৰ বাবে ন-কচাৰিত আৰু এটি প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হ'ব বুলি জানিবলৈ দিছে।
Also Read: অসমৰ ৰাজনীতিত হঠাৎ মূল্যহীন হ'ল ফনী শৰ্মা