মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ

মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ
মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ

ডিজিটেল ডেস্কঃ যোৱা ১১ জানুৱাৰী, ২০২৪ তাৰিখে দিনৰ ২ বজাত গুৱাহাটী মহানগৰীৰ বোন্দা-নাৰেংগীৰ চপাইদাং বড়ো সমাজৰ লক্ষ্মী মন্দিৰ প্রাঙ্গনত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ এক গুৰুত্বপূর্ণ কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে ইটছাৰ সভাপতি গোবিন্দ টাইদ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ইটছাৰ সম্পাদক প্রধান কমলাকান্ত মুছাহাৰীয়ে।

সভাত যোৱা ২০ জুলাইৰ পৰা ২৬ জুলাই, ২০২৩ তাৰিখলৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ই নতুন দিল্লীত ৰাষ্ট্রপতি, প্রধানমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্রী কাৰ্য্যালয়ত দাখিল কৰা স্মাৰক পত্ৰ আৰু কেন্দ্রীয় জনজাতি পক্রিমা মন্ত্রী অর্জন মুণ্ডা আৰু আয়ুষ, বন্দৰ আৰু জাহাজ পৰিক্ৰমা মন্ত্রী সর্বানন্দ সোণোৱালক দাখিল কৰা স্মাৰক পত্ৰ আৰু আলোচনাৰ বিষয়ে বিষদভাবে আলোচনা কৰা হয়।

আলোচনাৰ অন্তত ভাৰতৰ ৰাষ্ট্রপতিয়ে যোৱা ৮ আগষ্ট, ২০২৩ তাৰিখে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা)ৰ ন্যায্য দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগক নির্দেশনা দিয়াত সন্তোষ প্রকাশ কৰাৰ লগতে ধন্যবাদ আৰু আদৰণি জনায়। একেদৰেই ইটছাৰ দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে ভাৰত চৰকাৰৰ মাননীয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গৃহ মন্ত্রালয়ৰ পৰা যোৱা ১১ আগষ্ট, ২০২৩ তাৰিখে অসম চৰকাৰৰ মুখ্য সচিবলৈ আৰু কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী অর্জুন মুণ্ডাই তেওঁৰ মন্ত্রালয়ৰ পৰা ১০ আগষ্ট, ২০২৩ তাৰিখে অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ প্ৰধান সচিবলৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ দাবীসমূহ কাৰ্যকৰীকৰণৰ ওপৰত বিতং প্রতিবেদন দিবলৈ দিয়া নির্দেশনাক শলাগ লয়।

আলোচনাত মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেণ্ড, কাৰ্বি সাহিত্য সভাৰ সভাপতি বাৰিম ইংতি, তিৱা সাহিত্য সভাৰ সভাপতি দ্বিপেন্দ্র নাথ বৰদলৈ, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰী, গাৰো সাহিত্য সভাৰ সভাপতি হাদ্রীক ডি চাংমা আৰু ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভাই অংশগ্রহণ কৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম, ইটছাৰ মুখ্য আৰু ন্যায্য দাবীসমূহ কাৰ্যকৰীকৰণৰ বাবে ৰাষ্ট্ৰপতি, ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্রালয় আৰু কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রালয়ৰ তৰফৰ পৰা গুৰুত্ব প্রদান কৰাৰ পিছতো বর্তমান হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ অসম চৰকাৰে কাৰ্যকৰীকৰণত অৱহেলা কৰা আৰু গুৰুত্ব নিদিয়াত ক্ষোভ প্রকাশ কৰে।

সভাত ডিমা হাছাওৰ নিৰ্বাচনৰ বাবে হাফলংত থাকিবলগীয়া হোৱাত ডিমাছা সাহিত্য সভাৰ বিষয়-ববীয়া আৰু বড়ো সাহিত্য সভাই আগন্তু অধিবেশনৰ প্রস্তুতিৰ কামত ব্যস্ত থাকিবলগীয়া হোৱা বাবে বড়ো সাহিত্য সভাৰ বিষয়-ববীয়াসকলে উপস্থিত থাকিব নোৱাৰিলে। সভাত দীঘলীয়া আলোচনাৰ অন্তত এক প্রস্তাৱৰ জৰিয়তে অহা ৩১ জানুৱাৰী, ২০২৪ তাৰিখৰ ভিতৰত মিচিং, ৰাভা, তিৱা, দেউৰী আৰু ডিমাছা মাতৃভাষাক পঞ্চম শ্রেণীলৈকে আৰু কার্বি মাতৃভাষাক অষ্টম শ্রেণীলৈকে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আধাৰত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্রদান কৰাৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট সিদ্ধান্ত গ্রহণ কৰি অসমৰ ৰাজ্যপালৰ দ্বাৰা অধিসূচনা জাৰি কৰাৰ বাবে পুনৰ দাবী জনোৱা হয়।

এই ক্ষেত্রত অসম চৰকাৰে যদি অহা ৩১ জানুৱাৰী, ২০২৪ তাৰিখৰ ভিতৰত কাৰ্যকৰী কৰণৰ ব্যৱস্থা নকৰে, তেতিয়াহলে অহা ১০ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ই মাতৃভাষা মাধ্যমৰ শিক্ষাৰ দাবীত "ৰাজভবন চলো” কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰোপৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ আঠ জনীয়া প্রতিনিধি দলে পুনৰ ফেব্ৰুৱাৰী শেষৰ সপ্তাহত নতুন দিল্লী যাত্রা কৰিব আৰু ৰাষ্ট্রপতি, কেন্দ্রীয় গৃহমন্ত্রী আৰু কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রীক সাক্ষাৎ কৰি আলোচনা কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

সভাত আন এক প্রস্তাবৰ জৰিয়তে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ এঘাৰটা ভাষাৰ বহুভাষিক অভিধান প্রকাশৰ বাবে ভাষা গৌৰৱ আঁচনিৰ উচ্চ শিক্ষা বিভাগত বর্তমানে অব্যৱহৃত হৈ থকা ১.২৯ (এক কোটি উনত্রিশ লাখ) টকা শীঘ্ৰে মোকলাই দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্রীৰ ওচৰত পুনৰ আবেদন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ
ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in