/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/14fe4752-c293-4250-9b61-ea8f54312565/indibar_deuri.jpg)
শিক্ষাবিদ, বুদ্ধিজীৱি, জনজাতি বিশেষজ্ঞ ইন্দিবৰ দেউৰী অসুস্থ...
ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱি ইন্দিবৰ দেউৰী অসুস্থ। বৰ্ষীয়ান শিক্ষাবিদগৰাকী গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে তেওঁৰ শাৰীৰিক অৱস্থা যথেষ্ট গুৰুতৰ। যদিও তেওঁক ভেণ্টিলেশ্যনত ৰখা নাই তথাপিও চিকিৎসক আৰু পৰিয়ালৰ সূত্ৰ মতে তেওঁৰ শাৰীৰিকস্থিতি অতিকে সংকতজনক।
স্মৰ্তব্য যে, বিগত ৪ জানুৱাৰীত বিশিষ্ট নৃগোষ্ঠীয় বিশেষজ্ঞ হিচাপে পৰিচিত ইন্দিবৰ দেউৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। এদল বিশেষজ্ঞ চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো স্বাস্থ্য উন্নতি ঘটাৰ বিপৰীতে অৱনতিহে ঘটিছে।
উল্লেখ্য যে ইন্দিবৰ দেউৰী 'নতুন পদাতিক' আলোচনীৰো সহযোগী সম্পাদকৰ দায়িত্বতো আছে। বিশিষ্ট বুদ্ধিজীৱি গৰাকীৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ গুণমুগ্ধসকলে আশু আৰোগ্য কামনা কৰিছে।
ইফালে বিগত ৬ মাহৰ ভিতৰতে অসমৰ বৌদ্ধিক, বিদ্যায়তনিক ক্ষেত্ৰৰ বহু কেইগৰাকী পণ্ডিতক হেৰুওৱাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ আন কেইগৰাকীমান প্ৰবীণ বিশিষ্ট ব্যক্তি অতি সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱা কথাটোৱে বৌদ্ধিক, সাংস্কৃতিক, সামাজিক ক্ষেত্ৰৰে জড়িত সকলোকে মৰ্মাহত কৰি তুলিছে।
Also Read: সুৰক্ষাৰ দায়িত্বৰ মাজতে ৰক্তদান SSB ৰ বিষয়া, জোৱানৰ...