/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6649e1a8-5d95-4172-a053-74fa64048752/BLOOD_DONATION_25.jpg)
সুৰক্ষাৰ দায়িত্বৰ মাজতে ৰক্তদান SSB ৰ বিষয়া, জোৱানৰ...
ডিজিটেল ডেস্কঃ এছ এছ বিৰ ৰঙিয়াস্থিত খণ্ড মুখ্য কাৰ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। এছ এইচ চি এইৰ সহযোগত আৰু এছ এছ বি ৰঙিয়াৰ ডি আই জি জগদীপ পাল সিঙৰ নিৰ্দেশনাত অনুষ্ঠিত হোৱা এই ৰক্তদান শিবিৰত স্বেচ্ছামূলক ভাৱে ৫০ ইউনিট ৰক্তদান কৰা হয়। এছ এছ বি ৰঙিয়াস্থিত কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া, জোৱানকে ধৰি মুঠ ৫০ গৰাকীয়ে ৰক্তদান কৰে।
উল্লেখ্য যে অসমত অনুষ্ঠিত হ'বলগীয়া জ-২০ সন্মিলনৰ সময়সূচীত গুৱাহাটীৰ ব্লাড বেংকত যাতে পৰ্যাপ্ত ৰক্ত উপলব্ধ ৰাখিবৰ বাবে এই ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছে। জি-২০ সন্মিলনৰ পূৰ্বে যিকোনো সংস্থাই এইদৰে ৰক্তদানৰ প্ৰচেষ্টা এয়াই প্ৰথম।
ৰক্তদানৰ এই অনুষ্ঠানটোত পেথলজিষ্ট ড০ অৰোনিমা গোস্বামীয়ে সৈন্যসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে নিচা মুক্তি অভিযানৰ ওপৰত এক বক্তৃতা প্ৰদান কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটোত জি এম চি এইছৰ চিকিৎসক, চিকিৎসাকৰ্মীসকলো উপস্থিত থাকে। তেওঁলোকে ত্ৰয়োদশ সংখ্যক ভোটাৰছ দে' উপলক্ষত ভাৰত চৰকাৰে প্ৰচাৰ কৰা প্ৰতিশ্ৰুতি গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d370ffb2-38e7-48af-8a70-daf63e1efd69/e1b0a968_8ad0_4ebb_895e_8270a76789d4.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/1d699885-099a-40f8-9a44-33aadc55839f/ac75e5a2_2a02_4652_afc2_3ac4260532a5.jpg)
Also Read: বিবুধিত জনতা ! এফালে শান্তি আলোচনাৰ পৃষ্ঠপোষকতা আনফালে গণতন্ত্ৰ দিৱসৰ বিৰোধিতা...