/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d9d8ff94-5629-4106-92f0-56d91880f097/SDSSD.jpg)
ডিজিটেল সংবাদ,বজালীঃ ভাৰতীয় শল্য চিকিৎসা সন্থাৰ অসম শাখাৰ অভিনৱ পদক্ষেপ। পাঠশালা মেটাৰনিটি হাস্পাতালৰ সহযোগত সংস্থাটোৱে আয়োজন কৰে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ শিবিৰ ।
ইতিমধ্যে শনিবাৰৰ পৰা গলব্লাডাৰ আৰু হাৰ্নিয়াকে আদি কৰি ১০জনতকৈ অধিক ৰোগীৰ বিনামূলীয়া কৈ অষ্টোপচাৰ সম্পন্ন কৰিছে সংস্থাটোয়ে। আনকি কেবিনকে আদি কৰি বিনামূলীয়া কৈ সম্পুৰ্ণ ঔষধো যোগান ধৰিছেয
সংস্থাটোৱে আজি পাঠশালা আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ড্ৰাগছৰ বিৰুদ্ধে আৰু অংগ দান সন্দৰ্ভত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। ইয়াৰ লগতে সংস্থাটোৱে বজালীৰ চিকিৎসকসকলৰ সতে চিকিৎসা সংক্ৰান্তীয় এক আলোচনা চক্ৰটো মিলিত হয়য
সংস্থাৰ প্ৰায় ১৫ গৰাকী চিকিৎসকে উক্ত কাৰ্যত ভাগ লয়। এক সংবাদ মেল যোগে আজি সদৰি কৰে সংস্থাটোয়ে।
Also Read: মোডী, মুৰ্মুৰ মন জয় কৰা- 'দ্য স্নেক বয়'