Indian Awaz foundation ৰ উদ্যোগত শীতকালীন সাহায্য শিবিৰ

ইণ্ডিয়ান আৱাজ ফাউনণ্ডেচনৰ উদ্যোগত আজি লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী গো-শালা অঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
Indian Awaz foundation ৰ উদ্যোগত শীতকালীন সাহায্য শিবিৰ

ডিজিটেল সংবাদ, বান্দৰদেৱা : ইণ্ডিয়ান আৱাজ ফাউনণ্ডেচনৰ উদ্যোগত আজি লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী গো-শালা অঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰা হয়। ৰাজ্যত আৰম্ভ হোৱা প্ৰচণ্ড শীতৰ পৰা অঞ্চলটোৰ অত্যন্ত দৰিদ্ৰ লোক সকল যি সকলে তেওঁলোকৰ বস্ত্ৰৰ মৌলিক প্ৰয়োজন পূৰাবলৈ সামৰ্থ নহয় সেইসকলক সহায় কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী হাতত লোৱা হয়।

Advertisment

উক্ত কাৰ্যসুচী বিন্দু নাৰায়ণ অধিকাৰীৰ নেতৃত্বত প্ৰতিষ্ঠানৰ সদস্য ক্ৰমে ৰিপুন দত্ত,মানস প্ৰতিম বৰুৱা ,দেবজিৎ ভুঞা,অংকুৰ গোস্বামী ,বিশ্ব জ্যোতি হাজৰিকা, আৰু নিলোৎপল শৰ্মাৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতাত ৫০ জন লোকক গৰম কাপোৰ বিতৰণ কৰা হয়।

আৰু পঢ়ক : আমগুৰিৰ চামগুৰিত পথ দুৰ্ঘটনা

assam relief drive