৩ দিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস, প্ৰতিঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান….

৩ দিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস, প্ৰতিঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান….

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

ডিজিটেল ডেস্ক: ৭৫ বছৰীয়া স্বাধনীতা দিৱস উপলক্ষ্যে এইবাৰ ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১৩ আগষ্টৰ পৰা হৰ ঘৰ ত্রিৰংগা কাৰ্যসূচী আৰম্ভ কৰা হব।

Advertisment

প্রতিঘৰে হয় উত্তোলন কৰিব লাগিব নহ'লে উৰুৱাই ৰাখিব লাগিব ৰাষ্ট্ৰীয় পতাকা। মন্দিৰ, মছজিদ সকলোতে উৰুৱাব লাগিব নহ'লে উত্তোলন কৰিব লাগিব।

উল্লেখ্য যে, ফ্লেগ ক'ড সংশোধনী কৰা হৈছে গতিকে যিকোনো কাপোৰৰে পতাকা নিৰ্মাণ কৰিব পাৰিব । আত্মসহায়ক গোটে ১০ লাখতকৈ অধিক পতাকা বিক্রী কৰিছে অন্যহাতে ৫৯ লাখ পতাকা ভাৰত চৰকাৰৰ পৰা ক্রয় কৰিছে ।চৰকাৰে এই পতাকা সুলভ মূল্যৰ দোকানত প্রদান কৰিব । প্রতিখন পতাকাৰ মূল্য ১৮ টকা নিৰ্ধাৰণ কৰা হৈছে।

সকলোকে ৰাষ্ট্রীয় পতাকা ইজনে সিজনক উপহাৰ দিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে পতাকা ক্রয় কৰিবৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ১০১৮ টকা দিব ।

আৰু পঢ়ক: নগাঁৱত ভয়ংকৰ ঘটনা,ৰেল আলি পাৰ হ'ব লওঁতেই মহটিয়ালে ট্ৰেইনে, থিতাতে নিহত ৩

assam independence day himanta biswa sarma