ঢকুৱাখনা পৌৰসভাৰ বিশেষ পদক্ষেপ

পেলনীয়া সা-সামগ্ৰী গ্ৰহণ আৰু সংৰক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা পৌৰসভাৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ,ঢকুৱাখনা : পেলনীয়া সা-সামগ্ৰী গ্ৰহণ আৰু সংৰক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন। ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত নাগৰিকসকলৰ অব্যৱহৃত প্লাষ্টিক সামগ্ৰী, ব্যৱহৃত জোতা চেণ্ডেল,পৰিহিত বস্ত্ৰ, কিতাপ আদি অলাগতিয়াল সামগ্ৰী সংগ্ৰহ, গ্ৰহণ,সংৰক্ষণ আৰু বিতৰণৰ এক কেন্দ্ৰ শনিবাৰে ঢকুৱাখনাত শুভ উদ্বোধন কৰা হয়।

Advertisment

স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে ঢকুৱাখনা পৌৰ সভাৰ অন্তৰ্গত ১০নং ৱাৰ্ডৰ অন্তৰ্গত "বেলজিয়াম ৰেষ্টুৰেণ্ট" প্ৰাংগণত ৱাৰ্ডটোৰ অন্তৰ্গত নাগৰিকসকলৰ সহায়ক হোৱাকৈ স্থাপিত এই কেন্দ্ৰটো উদ্বোধন কৰে ৱাৰ্ড কমিচনাৰ গুনলতা কুটুমে । ৱাৰ্ডটোৰ নাগৰিক সমাজ,পৌৰ কৰ্মী নিলোৎপল বৰগোঁহাই,ৰূপ কোঁৱৰ কাকতি আদিৰ উপস্থিতিত বহু কেইগৰাকী নাগৰিকে ব্যৱহৃত সামগ্ৰী জমা দিয়ে আৰু সংগৃহীত বস্ত্ৰ সামগ্ৰী কেইগৰাকীমান দৰিদ্ৰ ব্যক্তিৰ মাজত বিতৰণ কৰে। 

উল্লেখ্য যে ঢকুৱাখনা পৌৰ সভাৰ অন্তৰ্গত মুঠ ১০ টা ৱাৰ্ডৰ সকলোতে শনিবাৰে এনে "ৰিদিওজ ৰিচাইকল ৰিইউজ" কেন্দ্ৰ মুকলি কৰা হয় বুলি ৱাৰ্ড কমিচনাৰ কুটুমে জানিবলৈ দি পৌৰ নাগৰিক সকলৰ সহায় সহযোগিতা কামনা কৰে।

Also Read: বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

dhakuakhana Waste Materials