সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতঃ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভ উদ্বোধন...

সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতঃ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভ উদ্বোধন...
সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতঃ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভ উদ্বোধন...

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো শুকুৰবাৰে সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আনুষ্ঠানিকভাৱে উন্নতকৰণৰ কৰিলে। এই উপলক্ষে সোণতলী স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰটো মাংঙ্গলিক কাৰ্যসূচীৰে ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে।

এই উপলক্ষে অনুষ্ঠিত এক সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ভাষণত সোণতলী অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা আজি কিছু পৰিমাণে সমাধান হোৱা বুলি কয়৷ অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনৰ দাবী আবেদনক সন্মান জনাই মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ একাগ্ৰতা আৰু বলিষ্ঠ পদক্ষেপৰ বাবে আজি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৩০ খন বিছনাযুক্ত সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নতিকৰণ হ'বলৈ পাইছে৷

তাৰ বাবে মুখ্যমন্ত্ৰীলৈ আন্তৰিক ধন্যবাদ দি কয়—এয়া উন্নয়নৰ কেৱল আৰম্ভণিহে৷ উন্নয়নৰ যি যাত্ৰা আজিৰে পৰা আৰম্ভ হ'ল বৃহত্তৰ সোণতলী অঞ্চলটোত আৰু এই উন্নয়নৰ যাত্ৰা ধাৰাবাহিকভাৱে আগবাঢ়ি থাকিব৷ তেওঁ কয়—ভেজাল ঔষধ বিক্ৰী কৰিলে বিপদ পৰিব ফাৰ্মাচী সকল, মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে৷

চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলে ৰাইজক হিয়া উজাৰি চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎস-কৰ্মচাৰীক আহ্বান জনাই ভাষণৰ আৰম্ভণিৰ ভাগত মন্ত্ৰী কেশৱ মহন্তই 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ প্ৰশংগ উল্লেখ কৰি কয়—২০১৬ চনত সাংবাদিকগৰাকীৰ অনুৰোধক্ৰমে সোণতলীত আহি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আঁচনি লোৱা হৈছিল৷ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনো সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতিকৰণৰ ক্ষেত্ৰত প্ৰকাশ মহন্তৰ অৰিহণা থকা বুলি কয়৷

তেওঁ পুনৰ কয়—অঞ্চলটোত থকা এশ শতাংশ ধৰ্মীয় সংখ্যালঘু লোকে অসমীয়া কলা-সংস্কৃতি নিজৰ বুলি আকোঁৱালি লৈছে। অসমীয়া কলা-কৃষ্টি ধৰি ৰখাৰ বাবে সোণতলীবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্তই।

শুকুৰবাৰৰ উদ্বোধনী অনুষ্ঠানটিত স্বাস্থ্য বিষয়া ডাঃ কুৰবান আলী আহমেদে আদৰণি ভাষণ প্ৰদান কৰাৰ পিচত অনুষ্ঠানৰ বিষয়ে ভাষণ প্ৰদান কৰে কামৰূপ জিলা উন্নয়ণ আয়ুক্ত নৰসিং বেয়ে। ইয়াৰ পিচত স্বাস্থ্য কেন্দ্ৰটোৰ অন্তৰ্গত স্বাস্থ্য কৰ্মীৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হয়।

সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, অসম স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মহিতোষ বেনাৰ্জী, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাস, সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলী, নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক আদি কৰি বহু সংখ্যক বিশিষ্টি ব্যক্তিয়ে উপস্থিত থাকে।

সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতঃ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে শুভ উদ্বোধন...
১৩ আগষ্টত কাজিৰঙাত মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ সম্বন্ধীয় কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in