ডিজিটেল সংবাদ কাজিৰঙাঃ মানৱ অধিকাৰ ভংগ হোৱাৰ ধাৰাবাহিক ঘটনা সংঘটিত হৈ থকাৰ মাজতে কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এখনি আলোচনা চক্ৰ৷ অহা ১৩ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই আলোচনা চক্ৰত জনগণৰ মৌলিক অধিকাৰ সম্বন্ধেও আলোচনা কৰা হ’ব৷
কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহা আৰু সমন্বয়ক ইন্দুপৱন শইকীয়াই এক বিবৃতিযোগে জনোৱা অনুসৰি, নজনাৰ দোষতে বহুক্ষেত্ৰত বহুজনে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হয়৷ সাধাৰণ জনতাই যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ উদ্দেশ্যৰেই কাজিৰঙাৰ কহঁৰাত আয়োজন কৰা হৈছে এইখন আলোচনা চক্ৰৰ৷
বিষয় ৰখা হৈছে মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ৷ উঠি অহা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক নিজৰ অধিকাৰ সম্বন্ধে জ্ঞাত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে৷ বিবৃতিটোত লগতে উল্লেখ কৰা মতে, মাত্ৰ ৩০ গৰাকীৰ বাবে আসন থকা এই আলোচনা চক্ৰত ইতিমধ্যে ৫০ গৰাকীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সম্পূৰ্ণ বিনামূলীয়া এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাস, জ্যেষ্ঠ অধিবক্তা, বোাকাখাত উকীল সন্থাৰ সভাপতি জগত কলিতা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতা৷
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলক পুৱা ৮-৪৫ বজাত প্ৰেক্ষাগৃহটিত উপস্থিত হ’বলৈ আহ্বান জনাইছে উদ্যোক্তাই৷ কিবা জানিবলগীয়া থাকিলে ৯১০১৩০২৩৩১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷