মায়ঙৰ কৃষকৰ দীৰ্ঘদিনীয়া অভাৱ আতৰাই কৃষি জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন

কৃষক ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা কৃষি জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ গৃহৰ বুধবাৰে শুভ উদ্বোধন কৰা হয়

author-image
Asomiya Pratidin
New Update
মায়ঙৰ কৃষকৰ দীৰ্ঘদিনীয়া অভাৱ আতৰাই কৃষি জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন

কৃষি জ্ঞান কেন্দ্ৰ

ডিজিটেল সংবাদ,মায়ং মৰিগাঁও জিলাৰ কৃষকসকলৰ দীৰ্ঘদিনীয়া অভাৱ এটা আজি পূৰণ হয় । কৃষি বসতিপ্ৰধান জিলাখনৰ  কৃষক ৰাইজৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা কৃষি জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ গৃহৰ বুধবাৰে শুভ উদ্বোধন কৰা হয়।

Advertisment

ৰজা মায়ং কৃষি উন্নয়ন বিষয়া মেহদি আৰিফ হুছেইনৰ প্ৰচেষ্টাত মায়ঙৰ হাতীমুৰীয়া গাঁৱত আৰ আই ডি এফ আঁচনিৰ অধীনত নিৰ্মাণ কৰা কৃষি জ্ঞান কেন্দ্ৰটোৰ জৰিয়তে বানে গৰকা জিলাখনৰ বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলক কৃষি সম্পৰ্কীয় জ্ঞান প্ৰদান কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে।

আৰ আই ডি এফ আঁচনিৰ অধীনত ৮৯ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা কৃষি জ্ঞান কেন্দ্ৰটোৰ  ফিটা কাটি  শুভ উদ্বোধন কৰে মৰিগাঁও মহকুমা কৃষি বিষয়া অশোক শৰ্মা,ৰজা মায়ং কৃষি উন্নয়ন বিষয়া মেহদি আৰিফ হুছেইনে। কেন্দ্ৰটোৰ প্ৰশিক্ষণ হলত আয়োজন কৰা সভাখনত উপস্থিত থাকে পবিতৰাৰ বন বিষয়া নয়ন জ্যোতি দাস, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড০ ৰিজুস্মিতা শৰ্মা,মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰদলৈ,কণিষ্ঠ অভিযন্তা পূৰ্ণানন্দ গগৈ,মায়ঙৰ সমাজকৰ্মী প্ৰফুল্ল ভূঞা,লক্ষ্মণ শইকীয়া,সাংবাদিক নজৰুল ইছলাম, চম্পক ডেকা আৰু শতাধিক কৃষক।

সভাৰ শেষত সোনতলি এফ পি চি ৰ জেং বিহুৰ দলৰ দ্বাৰা বিহু হুচৰি প্ৰদৰ্শন কৰা হয়।উল্লেখযোগ্য যে মায়ঙত স্থাপন হোৱা কৃষি জ্ঞান কেন্দ্ৰটোৰ জৰিয়তে কৃষি বসতিপ্ৰধান মায়ং অঞ্চলৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি প্ৰতিজন বিষয়াই নিজৰ বক্তব্যত উল্লেখ কৰে। পবিতৰা ইক'  টুৰিজিম ডেভেলপমেন্ট ছচাইটি,ডলফিন পইন্ট,সোনতলি এফ পি চি,গৰৈমাৰী এফ পি চি ৰ সহযোগত পবিতৰাৰ পৰ্যটন আৰু মায়ঙৰ কৃষি পৰ্যটন ক্ষেত্ৰখনৰ লগত সক্ৰিয়ভাৱে কাম কৰি অহা কৃষি উন্নয়ন বিষয়া মেহদি আৰিফ হুছেইনৰ কাম কাজক আজিৰ সভাখনত উপস্থিত থকা অতিথি সকলে শলাগ লয়।

এতিয়াৰে বানে গৰকা মায়ঙৰ কৃষক ৰাইজ কৃষি সম্পৰ্কীয় কাম কাজৰ বাবে মৰিগাঁও সদৰলৈ যাব নালাগে। সকলোখিনি সা সুবিধা হাতীমুৰীয়া গাঁৱত নিৰ্মাণ হোৱা কাৰ্যালয়টোৰ পৰাই লাভ কৰিব পাৰিব বুলি সন্তুষ্টি ব্যক্ত কৰে।

Also Read: কলাক্ষেত্ৰত সমবায় মেলা ২০২৩ৰ পৰ্যালোচনা বৈঠক

agriculture