ওদালগুৰিত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ওদালগুৰিত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,ওদালগুৰি : ৰাজ্য চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত থকাৰ সময়তো বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ অবাধ সৰবৰাহ। ওদালগুৰিৰ ভিন্ন প্ৰান্ততো গোপনভাৱে এনে সৰবৰাহ অব্যাহত আছে।

এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কেতবোৰ ব্যৱস্থা হাতত লৈছে যদিও সৰবৰাহকাৰীয়ে হাতত লৈছে ন-ন কৌশল। ইয়াৰ মাজতে শুকুৰবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ বাপুজী নগৰত আৰক্ষীয়ে এজন যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা কাৰ্যই এই কথা প্ৰতিয়মান কৰে।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি গধূলি বাপুজী নগৰত এজন যুৱকে ড্ৰাগছ বিক্ৰী কৰাৰ কথা জানিব পাৰি ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৎজ্বল গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উক্ত অঞ্চলত উপস্থিত হৈ ড্ৰাগছসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম মৃনাল হালৈ(২৬) বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

যুৱকজনৰ সৈতে ৬টা ড্ৰাগছৰ কন্টেইনাৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। নৱগঠিত বনছু সংগঠনৰ যুৱকসকলে ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত যুৱকজনক প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি তেওলোকেই যুৱকজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়া বুলি দাবী কৰে।

মন কৰিবলগীয়া বিষয় যে ওদালগুৰি চহৰৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলত ড্ৰাগছৰ সুলভ বেহা অব্যাহত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। সন্ধিয়া হ'লেই একাংশ উদণ্ড যুৱকে ড্ৰাগছ তথা নিছাযুক্ত সামগ্ৰী সেৱন কৰি চহৰখনৰ ৰাজপথত বিপদজনকভাৱে বাইক ষ্টাণ্ট কৰা বুলি ভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে।

ওদালগুৰিত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
মথুৰাপুৰত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in