বিহালীত বীৰাপ্পানৰ ৰূপত বিজেপি নেতা...

বিহালীত বীৰাপ্পানৰ ৰূপত বিজেপি নেতা...
বিহালীত বীৰাপ্পানৰ ৰূপত বিজেপি নেতা...

ডিজিটেল সংবাদ বিহালীঃ সম্প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশত চলিছে অমৃতকাল। অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই অমৃতকালৰ নেতৃত্ব বহন কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যৰ এই ডাৱল ইঞ্জিন চৰকাৰৰ দিনত অসমত তুষাৰ গতিত উন্নয়নৰ গংগা বৈছে বুলি বিজেপি নেতৃত্বাধীন চৰকাৰখনে দাবী কৰি আহিছে।

শাসকীয় দল-চৰকাৰৰ নেতা-মন্ত্ৰীৰ কথামতে যেন এতিয়া অসমৰ সৰ্বত্ৰ উন্নয়ণৰ মহাপ্ৰলয়ে ৰূদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে ৷ তাৰমাজতে, মোডীৰ অমৃতকালত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৪০০ কোটি টকা ব্যয় সাপেক্ষে বিশ্বৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ ভাৰাসাম্য ৰক্ষাৰ্থে ''অমৃতবৃক্ষ আন্দোলন'' নামৰ অভিযান গ্ৰহণ কৰি ১ কটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ডৰ অভিলেখ গঢ়াৰ সময়তে বিহালীৰ বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ ''অমৃতবৃক্ষ'' আন্দোলনক ধোবাং বাং কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

যিসময়ত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা চৰকাৰে অমৃতবৃক্ষ আন্দোলনৰ নামত নাগৰিকক গছপুলি ৰোপণৰ ছবি ''অমৃতবৃক্ষ এপচ্''ত আপল'ড কৰিলে পুৰস্কাৰ হিচাপে ধন প্ৰদান কৰাৰ আঁচনি গ্ৰহণ কৰিছিল ৷সেই সময়তে বিশ্বনাথ জিলাত চৰকাৰীভাৱে অনুমোদিত গৃহ নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰীৰ অমৃতবৃক্ষ আন্দোলনক বগা হাতীত পৰিণত কৰিছে ৷

তথ্য অনুসৰি ,বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী দলনি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত তিনিজোপা প্ৰকাণ্ড প্ৰাপ্ত বয়স্ক গছ কাটি সেই স্থানত বিহালী বিজেপিৰ প্ৰখ্যাত নেতা তথা ঠিকাদাৰে নিৰ্মাণ কৰিছে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ গৃহ ৷ জানিব পৰা মতে বিহালী বিজেপিৰ নেতা সুমন শৰ্মাৰ ঠিকাদাৰিত্বত নিৰ্মাণ হ'বলগীয়া আদৰ্শ অংগনৱাডী কেন্দ্ৰটো নিৰ্মাণৰ নামত বিদ্যালয়খনৰ চৌহদত থকা তিনিজোপা প্ৰকাণ্ড গছ কাটি তহিলং কৰি নিৰ্মাণ কৰিছে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ গৃহ৷ ফলত বিহালীৰ পৰিৱেশ সচেতন সমাজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল- যিসময়ত চৰকাৰীভাৱে বিশ্ব পৰিৱেশ দিৱসৰ নামত শ-শ কোটি টকা ব্যয় কৰি গছপুলি ৰোপণ কৰি আহিছে, চৰকাৰে কোটি-কোটি টকা ব্যয় কৰি পৰিৱেশ সজাগতা সৃষ্টি কৰিবলৈ ''গছ থাকিলে হে' মানুহ থাকিব'' বুলি শ্ল'গান আওৰাই আহিছে সেই সময়তে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত বয়স্ক গছ তিনিজোপাকৈ কাটিব লগা হোৱাটো খোদ্ শাসনাধিষ্ট বিজেপি চৰকাৰখনৰ পৰিৱেশ ৰক্ষাৰ শ্ল'গানৰেই পৰিপন্থী বিষয় ৷

প্ৰাপ্ত তথ্যমতে , বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনৰ ৰাংছালী দলনি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত অংগনৱাডী কেন্দ্ৰটো নিৰ্মাণৰ নামত প্ৰাপ্ত বয়স্ক গছ তিনিজোপা কাটি তহিলং নকৰাকৈও আন স্থানত গৃহটো নিৰ্মাণ কৰিব পৰাকৈ ভূমি নথকা নহয় ৷ তাৰপিছতো, কাণ্ডজ্ঞানহীনভাৱে আৰ্দশ অংগনৱাডী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত এক ঐতিহ্য বহনকাৰী গছ কেইজোপা কাটি পেলোৱা বিষয়টো বিহালীৰ পৰিৱেশ সচেতন সমাজে সহজভাৱে ল'ৱ পৰা নাই ৷

প্ৰণিধানযোগ্য যে, বিহালীৰ ৰাংছালী দলনি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ গৃহটো নিৰ্মাণৰ বাবে বিদ্যালয়ৰ চৌহদত ঠিকাদাৰ ৰূপী বিজেপি নেতাই প্ৰায় ২ হেজাৰ ইটা মজুত কৰিছে ৷ যিসমূহ ইটা অতিনিম্ন মানৰ বুলি স্থানীয়লোকে সদৰি কৰিছে ৷ অভিযোগ উঠিছে যে আদৰ্শ অংদনৱাডী গৃহ নিৰ্মাণৰ কামত হাত দিওঁতেই নিম্নমানৰ সামগ্ৰী মজুত কৰি লুন্ঠনৰ চক্ৰান্তত নামি পৰিছে ঠিকাদাৰ ৰূপী বিহালী বিজেপিৰ নেতা সমুন শৰ্মা ৷

প্ৰশ্ন উত্থাপন হৈছে যে, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰ সমুন শৰ্মা বিজেপি নেতা হোৱাৰ বাবেই বন বিভাগে বিদ্যালয়খনৰ চৌহদত থকা বয়স্ক গছ তিনিজোপা কাটিবলৈ অনুমতি দিলে নেকি? প্ৰাপ্তবয়স্ক তিনিজোপা গছ কাটি পেলোৱাৰ ফলত পাৰিপাৰ্শ্বিক জগতত কিমান প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কে কোনো চিন্তা-চৰ্চা নকৰাকৈ বন বিভাগে গছ তিনিজোপা কটাৰ অনুমতি দিয়া বিষয়টোৰ তদন্ত বিচাৰিছে বিহালীৰ সচেতনলোকে ৷

বিহালীত বীৰাপ্পানৰ ৰূপত বিজেপি নেতা...
মন্ত্ৰী অশোক সিংঘালৰ মতে বিশ্বনাথৰ সাংবাদিকে নেজানে গুৱাহাটীৰ কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in