/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ad8c806e-60c2-47fa-8359-9cf61a2501b3/AP_FOR_WEB___________.jpg)
ডিজিটেল ডেস্কঃ সদ্যঘোষিত চি বি এছ ই পৰীক্ষাৰ ফলাফলত সাদিন-প্ৰতিদিন গোষ্ঠীৰ কেইবাগৰাকী কৰ্মচাৰীৰ সন্তানে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ্থী কেইগৰাকীৰ সফলতাত গৌৰৱান্বিত সাদিন-প্ৰতিদিন কাৰ্যালয়ৰ সংবাদকৰ্মী তথা বিভাগীয় কৰ্মচাৰীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ed3110f0-6848-4561-8ec1-281af0d12315/6d84ce6b-cfb0-42d7-b8b4-53818945ff09.jpg)
দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত দাসৰ দুই পুত্ৰ শুভম ভৰদ্বাজ আৰু শ্ৰেয়ম ভৰদ্বাজে সুখ্যাতিৰে উত্তীৰ্ণ হয়। শুভম ভৰদ্বাজে লাভ কৰে ৯৭শতাংশ আৰু ভাতৃ তথা শ্ৰেয়ম ভৰদ্বাজে ৯৩ শতাংশ নম্বৰ লাভ কৰে। দুয়োগৰাকী ছাত্ৰই মাৰিয়া পাব্লিক স্কুলত অধ্যয়ন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a454f73f-45c6-45ad-8b5b-0a092904d836/9225c96b-13a6-42bd-b448-6d3165893e87.jpg)
আনহাতে জ্যেষ্ঠ সাংবাদিক পাৰ্থ দেৱ গোস্বামীৰ পুত্ৰ প্ৰিয়াংশু গোস্বামীয়ে ৯৬ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হয়। ছাত্ৰগৰাকীয়ে সাধাৰণ গণিতত ৯৯ আৰু অসমীয়াত ৯৮ নম্বৰ লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d4881c3d-5d21-435e-87bc-cbee738f6c7b/026cf6aa-6b54-4af2-b176-d4ec8a7329fb.jpg)
অসমীয়া প্ৰতিদিনৰ হিচাপ বিভাগৰ গাণনিক মুনিন্দ্ৰ কুমাৰ শৰ্মাৰ কন্যা তাপসী শৰ্মাই দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৮৯.৬ শতাংশ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে ছাত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ চিল্ড্ৰেন গাইড একাডেমীত অধ্যয়ন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/920952a4-68a0-4eb4-8779-ed0b90aff525/c2a4ee92-e7ce-4b4a-a183-8cf312b3df24.jpg)
ইফালে দিপুল শৰ্মাৰ পুত্ৰ নিশান্ত শৰ্মাই দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত লাভ কৰে ৮২.৪ শতাংশ নম্বৰ। তেঁও অধ্যয়ন কৰা বিদ্যালয়খনৰ নাম- এছ এফ এছ সাতগাঁও,গুৱাহাটী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/65dc9019-f0ba-4244-9dbf-93eeda98f1ad/39d9bd25-628f-4b7d-886c-0a18b243e634.jpg)
ইয়াৰোপৰি অসমীয়া প্ৰতিদিনৰ হিচাপ বিভগৰে জ্যেষ্ঠ গাণনিক তপন শৰ্মাৰ পুত্ৰ তথা মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীৰ ছাত্ৰ ময়ুখ প্ৰতীম শৰ্মাই দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত লাভ কৰে ৮১.৬ শতাংশ নম্বৰ। বিজ্ঞাপন বিভাগৰ কৰ্মচাৰী দীপক শৰ্মাৰ পুত্ৰ ৰুশ্বিক শৰ্মাইয়ো সদ্য ঘোষিত পৰীক্ষাত উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ ৰাজগড়স্থিত এইছ কে ভিৰ পৰা কৃতকাৰ্যতাৰে উত্তীৰ্ণ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/fa1ba063-fa28-4209-a7f6-c0534f34869a/69a97d8a-5260-4127-9beb-449421ba9a76.jpg)
আনহাতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক ভবেন দত্তৰ কন্যা ৰাঘৱী দত্তই ৭৮ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰাঘৱীয়ে অধ্যয়নৰ লগতে অভিনয় কলাতো নৈপুন্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত অসমীয়া ছবিত তেঁও অভিনয় কৰি প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে।
উক্ত পৰীক্ষাত প্ৰচলন বিভাগৰ কৰ্মচাৰী প্ৰবীণ কলিতাৰ পুত্ৰ শশাংক কাশ্যপে ৭৩শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেঁও কেন্দ্ৰীয় বিদ্যালয় ন-মাইলৰ পৰা উত্তীৰ্ণ হয়। লগতে প্ৰুফ বিভাগৰ কৰ্মচাৰী হেমন্ত মহন্তৰ পুত্ৰ কুনাল মহন্তই লাভ কৰে ৭১ শতাংশ নম্বৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/89f3162a-b0aa-40d4-a3cc-f937e515c22a/4ec858f7-4a89-40e0-a841-f24b57a3ca28.jpg)
ছাত্ৰগৰাকীয়ে অসমীয়া আৰু ইংৰাজী বিষয়ত লেটাৰ নম্বৰ লাভ কৰে। তেঁও পশ্চিম গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ চিনিয়ৰ ছেকেণ্ডাৰীত অধ্যয়ন কৰিছিল।
ইয়াৰোপৰি অসমীয়া প্ৰতিদিনৰ ডি টি পি বিভাগৰ কৰ্মচাৰী বিনোদ বৈৰাগীৰ কনিষ্ঠ কন্যা নম্ৰতা বৈৰাগীয়ে এইবেলি দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। নুনমাটি পাব্লিক স্কুলৰ ছাত্ৰী নম্ৰতা বৈৰাগীয়ে ৮০.৪ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছে। ছাত্ৰীগৰাকীয়ে অসমীয়া, সমাজ বিজ্ঞান, কম্পিউটাৰ এপ্লিকেচনত লেটাৰ নম্বৰ পাবলৈও সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/21176269-45d4-4bb5-94d7-c7e2d12fd2d4/68b5e58f-faeb-4056-ab32-4253af5a685c.jpg)
এই আটাইকেইগৰাকী শিক্ষাৰ্থীৰ সফলতাত সাদিন-অসমীয়া প্ৰতিদিন গোষ্ঠীয়ে আনন্দ প্ৰকাশ কৰিছে। শিক্ষাৰ্থী কেইগৰাকীৰ সফলতাৰ যাত্ৰাত অভিনন্দন আৰু শুভেচ্ছা জনাইছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ জীৱন আলোকময় হোৱাৰ লগতে এটি সুন্দৰ ভৱিষ্যতৰ বাবে আশীষো প্ৰদান কৰিছে বৰুৱাই।
Also Read: প্ৰতিদিন গোষ্ঠীৰ কৰ্মচাৰীৰ সন্তানৰ উন্নত ফলাফলত উৎফুল্লিত সাদিন-প্ৰতিদিন পৰিয়াল...