কাজিৰঙাত মে ডাম মে ফী উদযাপনৰ প্ৰস্তুতি

কাজিৰঙাত মে ডাম মে ফী উদযাপনৰ প্ৰস্তুতি
কাজিৰঙাত মে ডাম মে ফী উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, কাজিৰঙা: তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ'ব মে ডাম মেফী ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে কাজিৰঙাৰ ঐতিহাসিক ফুকন পথাৰত ৷

টাই সংস্কৃতিৰ গৌৰৱোজ্জল দিশসমূহৰ ভিতৰত অন্যতম হৈছে মে ডাম মে ফী ৷ টাই আহোমসকলৰ পূৰ্বপুৰুষ বা পুলিন পুথাসকলক স্মৰণ তথা আশীৰ্বাদ বিছাৰি জীৱিত বংশধৰসকলৰ লগতে সমগ্ৰ অসমীয়া জাতি তথা দেশৰ মংগল কামনা কৰি মাংগলিক উৎসৱ মে ডাম মেফী উদযাপন কৰি অহা হৈছে ৷

সেয়েহে কাজিৰঙাত টাই আহোম ছাত্ৰ সন্থা,লাচিত সেনা আৰু আহোম সভাৰ উদ্যোগত কাজিৰঙাবাসী ৰাইজৰ সহযোগত ফুকন পথাৰ আৰু লাঙি গদাপানী ক্ষেত্ৰত অহা ৩০, ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মে ডাম মে ফী উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে ক্ষীপ্ৰ গতিত চলি আছে ৷ অনুষ্ঠানৰ অন্তিম দিনা সন্ধিয়া গীতৰ শৰাই আগবঢ়াব জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ,মণ্টু বৰপাত্ৰ আৰু ৰুবোল ভূঞাঁই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in