মঙলদৈত চোৰে বিদ্যালয়ত সোমাই তলা ভাঙি নিলে প্ৰায় আঢ়ৈ লাখৰো অধিক টকাৰ সা-সম্পত্তি...

চোৰৰ টাৰ্গেট এইবাৰ এখন বিদ্যালয় । দেওবাৰে নিশা চোৰে তলা ভাঙি প্ৰায় আঢ়ৈ লাখৰো অধিক টকা মূল্যৰ সা-সম্পত্তি লগতে বহুতো মূল্যবান নথিপত্ৰ লৈ যায় । লগতে লণ্ড-ভণ্ড কৰি থৈ যায় বহুতো সা-সামগ্ৰী
মঙলদৈত চোৰে বিদ্যালয়ত সোমাই তলা ভাঙি নিলে প্ৰায় আঢ়ৈ লাখৰো অধিক টকাৰ সা-সম্পত্তি...

ডিজিটেল সংবাদ,‌ মঙলদৈঃ চোৰৰ টাৰ্গেট এইবাৰ এখন বিদ্যালয় । দেওবাৰে নিশা চোৰে তলা ভাঙি প্ৰায় আঢ়ৈ লাখৰো অধিক টকা মূল্যৰ সা-সম্পত্তি লগতে বহুতো মূল্যবান নথিপত্ৰ লৈ যায় । লগতে লণ্ড-ভণ্ড কৰি থৈ যায় বহুতো সা-সামগ্ৰী।

এই ঘটনা সংঘটিত হৈছে মঙলদৈ জলজলী উচ্চ মাধ্যমিক বিদ্যালয়ত । ঘটনা সন্দৰ্ভত স্কুল কতৃপক্ষই মঙলদৈ আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় । চোৰৰ এনে কাণ্ড দেখি সতবাক হৈছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক তথা সচেতন ৰাইজ ।

বিভিন্ন সময়ত অঞ্চলটোত চুৰে এনেধৰণৰ অপকৰ্ম সংঘটিত কৰি আহিছে। সঘনাই হৈ থকা এনেধৰণৰ চুৰি কাৰ্যক ৰোধ কৰিবলৈ সচেতন ৰাইজে দৰং আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে । এই ক্ষেত্ৰত দৰং আৰক্ষী প্ৰশাসনে ৰাইজক সুৰক্ষা দিব পাৰেনে নোৱাৰে সেয়া সময়ত লক্ষ্যনীয় হ'ব ।

মঙলদৈত চোৰে বিদ্যালয়ত সোমাই তলা ভাঙি নিলে প্ৰায় আঢ়ৈ লাখৰো অধিক টকাৰ সা-সম্পত্তি...
উপায়ুক্ত কীৰ্তি জল্লীৰ বিৰুদ্ধে গৰজি উঠিছে অসম চিকিৎসা সেৱা সংস্থা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in