/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/653fe890-2272-4d65-83e9-f6be820a4c10/fb32ddab-1a30-43a9-a659-3dcdb7209308.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ আন জিলাৰ তুলনাত দক্ষিণ শালমাৰা মানকাচৰ জিলাত মেট্ৰিকৰ ফলাফল আশা কৰা ধৰণে হোৱা নাই। জিলা খনত মেট্ৰিকৰ ফলাফল উন্নত কৰাৰ বাবে হাটশিঙিমাৰী জিলা প্ৰশাসনে শিক্ষা বিভাগৰ সহযোগত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
আগন্তুক বৰ্ষত মেট্ৰিক অৱতীৰ্ণ হবলগা শিক্ষাৰ্থী সকলৰ বাবে জিলা খনত ১৪ টা গ্ৰীষ্মকালীন কোচিং চেণ্টাৰ মুকলি কৰা হৈছে। ৫ জুলাইৰ পৰা ২৫ জুলাইলৈ এই গ্ৰীষ্মকালীন কোচিং চেণ্টাৰৰ জৰিয়তে শিক্ষাৰ্থী সকলক বিনামূলীয়াকৈ বিভিন্ন বিষয়ৰ ওপৰত পাঠদান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জিলা খনত মুঠ ৩২ খন হাই স্কুলৰ প্ৰায় সহস্ৰাধিক শিক্ষাৰ্থীৰ বাবে জিলা প্ৰশাসনে এই বিশেষ ব্যৱস্থা হাতত লৈছে। আজি বিভিন্ন কোচিং চেণ্টাৰ জিলা অতিৰিক্ত আয়ুক্ত ৰিপুন জ্যোতি নাথে পৰ্যবেক্ষণ কৰে অতিৰিক্ত আয়ুক্ত গৰাকী শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰি উৎসাহিত কৰা পৰিলক্ষিত হয়।
তুলনামূলক ভাৱে প্ৰতি বছৰে জিলা খনত মেট্ৰিকৰ ফলাফলৰ হাৰ প্ৰায় সৰ্ব নিম্ন হৈ থাকে। আগন্তক বৰ্ষত যাতে এনে নহয় তাৰ বাবে জিলা প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, মানকাচৰৰ বাহিৰেও ৰাজ্যৰ ভিন্ন জিলাত এনে কৰ্মশালাৰ আয়োজন কৰা হৈছে। নগাওঁ জিলাৰ উৰিয়াগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শৈক্ষিক কাৰ্যসূচীৰ লগতে ভিন্ন ক্ৰীড়াৰ কৰ্মশালাৰ ব্যৱস্থা কৰা হৈছে।