কাছাৰৰ কালাইন শিল কোৱেৰীত অবৈধভাৱে শিল উত্তোলন বন মাফিয়াৰ

কাছাৰৰ কালাইন শিল কোৱেৰীত অবৈধভাৱে শিল উত্তোলন বন মাফিয়াৰ

author-image
Asomiya Pratidin
New Update
কাছাৰৰ কালাইন শিল কোৱেৰীত অবৈধভাৱে শিল উত্তোলন বন মাফিয়াৰ

ডিজিটেল সংবাদ শিলচৰ : একাংশ বনকৰ্মী আৰু বন মাফিয়াৰ নেতৃত্বত কাছাৰত চলিছে অবৈধ বল্ডাৰ আৰু শিল সংগ্ৰহ। চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি একাংশ বন মাফিয়াই শিল কোৱেৰীত ১৮ খনকৈ এছকেভেটৰ আৰু ২ খন ফকলেন ব্যৱহাৰ কৰি লুণ্ঠন চলাইছে কাছাৰৰ কালাইনৰ দুটা শিল কোৱেৰীত।

Advertisment

বন্য জন্তু আৰু বন বিভাগৰ সকলো আইন ভৰিৰে মোহাৰি কালাইনৰ ১ আৰু ২ নম্বৰ শিল কোৱেৰীত চলোৱা হৈছে এই লুণ্ঠন। কালাইনৰ ৰেঞ্জাৰ আৰু কৰিমগঞ্জৰ ডিএফ অ'ৰ প্ৰত্যক্ষ সহযোগত এই এইদৰে অবৈধভাৱে শিল আৰু বল্ডাৰ উত্তোলন কৰাৰ ফলত দূষিত হৈছে কালাইন নদীৰ পানী।

এই লেতেৰা আৰু দূষিত পানী সেৱনৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হৈছে কালাইন এলেকাৰ কেবা হাজাৰ চাহ শ্ৰমিক আৰু আদিবাসী লোক। এছকেভেটৰ বন্ধ কৰাৰ বাবে কালাইন ৰেঞ্জাৰক বাৰম্বাৰ লিখিত আবেদন জনোৱাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত অৱশেষত বাধ্য হৈ স্থানীয় শ শ লোক কোৱেৰীলৈ গৈ বন্ধ কৰি দিলে এছকেভেটৰসমূহ।

এই এছকেভেটৰৰ দ্বাৰা অবৈধভাৱে শিল উত্তোলন কৰা শীঘ্ৰে বন্ধ নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি বন বিভাগ আৰু প্ৰশাসনক সকিয়াই দিছে আদিবাসী লোক কালাইন ব্লক কংগ্ৰেছে। এছকেভেটৰ ব্যৱহাৰ কৰি অবৈধভাৱে শিলোত্তলন কৰা বিষয়টো ইতিমধ্যে মুখ্যমন্ত্ৰীকো অৱগত কৰা বুলি জানিবলৈ দিয়ে কংগ্ৰেছে। ‍

Also Read: আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

kachar