চিৰাঙৰ ভাৰত-ভূটান সীমান্তত শিশুৰ সলনি সৰবৰাহ কৰা হৈছে মহিলা...

ক্ষেত্ৰভিত্তিক অনুসন্ধানত পোহৰলৈ আহিছে এটাৰ পিছত এটা মানৱ সৰবৰাহৰ চাঞ্চল্যকৰ তথ্য
chirang
chirang

ডিজিটেল, প্ৰতিবেদন, চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা এতিয়াও বহিঃৰাজ্যলৈ মানৱ সৰবৰাহ কাৰ্য্য অব্যাহত আছে। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ সাংবাদিকৰ ক্ষেত্ৰভিত্তিক অনুসন্ধানত পোহৰলৈ আহিছে অঞ্চলটোত সক্রিয় থকা মানৱ সৰবৰাহকাৰী দালাল চক্ৰ। দাৰিদ্ৰতাৰ চৰম পৰ্যায়ত বসবাস কৰা দেউশ্ৰী, কৰাইবাৰী, ভঙ্গিমাৰে, দুই নং আই পোৱালী আদি গাঁৱত ক্ষেত্ৰভিত্তিক অনুসন্ধানত পোহৰলৈ আহিছে এটাৰ পিছত এটা মানৱ সৰবৰাহৰ চাঞ্চল্যকৰ তথ্য ।

২০২১ চনৰ জুলাই আৰু আগষ্ট মাহত তিনিটা পৰ্যায়ত ছিকিমৰ পৰা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত এলেকাৰ ৫৮ গৰাকী শিশু তথা কিশোৰ কিশোৰীক উদ্ধাৰ কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ আলোড়ন সৃষ্টি হৈছিল । অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজা হস্তক্ষেপ কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেই সময়তে চিৰাং জিলা আৰক্ষীয়ে অভিযান চলাই মানৱ সৰবৰাহকাৰী চক্ৰটোৰ মূল খলনায়ক কৃষ্ণা যোগীসহ দুজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

তাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে চিৰাং জিলাত আহি এই মানৱ সৰবৰাহৰ দৰে কাৰ্য যাতে বন্ধ হয় তাৰ বাবে কিছু যোগাত্মক পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছিলে। পৰৱৰ্তী সময়ত ভবা হৈছিল এই অঞ্চলৰ পৰা মানৱ সৰবৰাহৰ দৰে ঘটনা বন্ধ হ'ব । কিন্তু যোৱা কিছুদিন ধৰি প্ৰতিদিন গোষ্ঠীয়ে বিশেষকৈ বিটিআৰ এলেকাৰ পৰা বহিঃৰাজ্যলৈ মানৱ সৰবৰাহ ঘটনাৰ ওপৰত ধাৰাবাহিক বাতৰি পৰিবেশন কৰি থকাৰ সময়তে মানৱ সৰবৰাহকাৰী চক্ৰৰ এক পদ্ধতি পোহৰলৈ আহিছে ।

এইবেলি মানৱ সৰবৰাহকাৰী চক্ৰটোয়ে সলনি কৰিছে পূৰ্বৰ নীতি । পূৰ্বতে চক্ৰটোয়ে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছিল শিশু, কিশোৰ, কিশোৰী কিন্তু এইবেলি মানৱ সৰবৰাহকাৰী চক্ৰটোৰ লক্ষ্য হৈ পৰিছে দৰিদ্ৰ ঘৰৰ শিশুৰ মাতৃ সকলক । মানৱ সৰবৰাহকাৰীৰ এই দুষ্কাৰ্যৰ ফলত প্ৰতিবাৰেই আক্ৰান্ত হৈছে কণমানি শিশু তথা কিশোৰ কিশোৰী সকল, বিপন্ন হৈছে শিশুৰ সোণালী শৈশৱ । কাৰণ এইবেলি মানৱ সৰবৰাহকাৰীয়ে বিশেষকৈ চৰম দৰিদ্ৰতাৰ মাজত ককবকাই থকা ৪/৫ টাকৈ কণ কণ শিশুৰ কম বয়সীয়া মাতৃক ছিকিমলৈ সৰবৰাহ কৰিছে ।

ফলত মাতৃ অবৰ্তমানত কণ কণ শিশু সন্তান সকলে খাবলৈ এমুঠি অন্নৰ বাবে মানুহৰ দুৱাৰে দুৱাৰে ঘুৰিব লগা হৈছে । চৰম পুষ্টিহীনতাত ভুগিছে শিশু সকল । ঘৰত মাতৃৰ অবিহনে সন্তানে এৰিব লগা হৈছে বিদ্যালয় । আশ্চৰ্য্যজনক ভাবে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ এলেকাৰ পৰা নতুনকৈ মানৱ সৰবৰাহৰ সমগ্ৰ ঘটনাৰ আৰঁত পুণৰ সাঙোৰ খাইছে মানৱ সৰবৰাহকাৰী চক্ৰৰ মূল খলনায়ক কৃষ্ণা যোগীৰ নাম।

এইজন কৃষ্ণা যোগীয়ে দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি ২০২১ চনত এই অঞ্চলৰ পৰা শিশু, কিশোৰ-কিশোৰী আৰু যুৱতী মহিলা মুঠ ৬১ গৰাকীক ছিকিমলৈ সৰবৰাহ কৰিছিল । পৰৱৰ্তী সময়ত চিৰাং আৰক্ষীয়ে এইজন কুখ্যাত মানৱ সৰবৰাহকাৰী কৃষ্ণা যোগীক গ্ৰেপ্তাৰ কৰি জেলত পঠাইছিল । কিন্তু তিনিমাহ জেলত থকাৰ পাছত জামিনত ওলাই আহি কিছুদিন নিতাল মাৰি থকাৰ পিছত পুণৰ বহিঃৰাজ্যত মানৱ সৰবৰাহৰ কাৰ্য্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

যোৱা ৯ নৱেম্বৰ তাৰিখে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত ২ নং কৰাইবাৰী গাঁৱৰ পৰা মুণ্ডেৰী বাস্কী (৩২) নামৰ এগৰাকী পাঁচ সন্তানৰ মাতৃক এটা দালাল চক্ৰই ছিকিম লৈ প্ৰেৰণ কৰিছে । অভিযোগ অনুসৰি দালাল কৃষ্ণা যোগীৰ সৈতে গোপনে যোগাযোগ কৰি মহিলা গৰাকীৰ ভিনদেউ এতুৱা মুৰ্মূয়ে যোৱা ৯ নৱেম্বৰ তাৰিখে ছিকিমত থৈ আহিছে বুলি স্থানীয় ছাত্ৰ সংগঠন আছাৰ নেতা কৰ্মী সকলে অভিযোগ উত্থাপন কৰিছে ।

যোৱা ৯ নৱেম্বৰ তাৰিখে যিখন আই পোৱালী গাঁৱত গৈ প্ৰতিদিন টাইমৰ সাংবাদিকৰ দলে বাতৰি সংগ্ৰহ কৰি আনিছিল তাৰ দুদিন পিছত অৰ্থাৎ ১১ নৱেম্বৰ তাৰিখে সেইখন দুই নং আই পোৱালী গাঁৱৰ পৰাও ৰূপালী চোৰেণ (২১) (স্বামী অজয় তানী) নামৰ এজনী বোৱাৰী নিজৰ দেৰ বছৰীয়া সন্তানক মা দেউতাৰ ওচৰত থৈ পশ্চিমবংগৰ জয়গাঁ লৈ যোৱাৰ তথ্য পোহৰলৈ আহিছে ।

তাইৰ এই বহিঃৰাজ্যত যোৱাৰ আঁৰতো লুকাই আছে দৰিদ্ৰতা । এই সন্দৰ্ভত ৰূপালীৰ পিতৃয়ে সদৰি কৰা মতে ৰূপালীৰ নিজৰ সন্তানৰ জন্মৰ সময়ত চিকিৎসাৰ বাবে গাঁৱৰ মহাজনৰ পৰা ২০ হেজাৰ টকা ঋণ লৈছিল । সেই ঋণ পৰিশোধ কৰাৰ সামৰ্থ্য নথকাৰ বাবেই এতিয়া এক প্ৰকাৰ বাধ্যত পৰি নিজৰ মাতৃদুগ্ধ পান কৰা শিশুক বৃদ্ধ পিতৃ মাতৃৰ ওচৰত এৰি বহিঃৰাজ্যত যাব লগাত পৰিছে । অৱশ্যে ৰূপালী কোনো দালাল চক্ৰত পৰি যোৱা নাই বুলি পিতৃয়ে জানিবলৈ দিয়ে ।

এনেধৰনৰ ঘটনা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ গ্ৰামাঞ্চলত অনুসন্ধান কৰিলে আৰু বহুত পোহৰলৈ আহিব বুলি স্থানীয় দল সংগঠনৰ নেতৃত্বই প্ৰকাশ কৰে । সম্প্ৰতি অঞ্চলটোত পুণৰ মানৱ সৰবৰাহ ঘটনাৰ পোহৰলৈ অহাৰ পিছত আৰু তাৎপৰ্যপূৰ্ণ ভাবে দালাল কৃষ্ণা যোগীৰ নাম সাঙুৰ খোৱাৰ পিছত স্থানীয় নেপালী ছাত্ৰ সংগঠন আগছু, আদিবাসী ছাত্ৰ সংগঠন আছাৰ নেতা কৰ্মী সকলে প্ৰশাসনক এই অপৰাধী জনক পুণৰ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

একমাত্ৰ আৰ্থিক দৈন্যতা আৰু দাৰিদ্ৰতাৰ কাৰণেই মূলতঃ ভাৰত-ভূটান সীমান্তৰ অঞ্চল পৰা বাৰেপতি মানৱ সৰবৰাহকাৰীৰ কবলত পৰি আছে তেনেক্ষেত্ৰত এই অঞ্চলত বসবাসকাৰী লোক সকলক দাৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিচি প্ৰশাসন আৰু অসম চৰকাৰলৈ আহ্বান জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in