তীৰ, জুৱা, মদৰ ঘাটিত পৰিণত পূৱ কামৰূপ আৰু পশ্চিম দৰং অঞ্চল...

তীৰ, জুৱা, মদৰ ঘাটিত পৰিণত পূৱ কামৰূপ আৰু পশ্চিম দৰং অঞ্চল...
তীৰ, জুৱা, মদৰ ঘাটিত পৰিণত পূৱ কামৰূপ আৰু পশ্চিম দৰং অঞ্চল...

ডিজিটেল সংবাদ দুমুনিচকী: বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত পূৱ কামৰূপ অঞ্চলৰ উপৰি পশ্চিম দৰঙৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো দীর্ঘদিন ধৰি ব্যাপক হাৰত মুকলি ভাবে তীৰ আৰু জুৱা খেল চলাই আহিছে। যাৰ ফলত দুয়োটা অঞ্চলত শৈক্ষিক তথা সামাজিক পৰিবেশ বিঘ্নিত হোৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে।

বৃহত্তৰ অঞ্চল দুটাত থকা সৰু-বৰ প্ৰায়বোৰ চকতে দিনে নিশাই অতি দৃষ্টি কটুভাবে তীৰ আৰু জুৱা খেলাৰ উপৰিও অধিকাংশ দোকানীয়ে অবৈধ ভাৱে বিলাতী মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। স্থানীয় আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ উপৰি নিজকে সাংবাদিক বুলি পৰিচয় দিয়া তথাকথিত সংবাদকৰ্মীৰ সহযোগ লাভ কৰি বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথৰ প্ৰায়বোৰ চকত তীৰ খেলৰ লগতে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।

উল্লেখ্য যে, পূব কামৰূপ অঞ্চলৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰা, মান্দাকাটা, মালিবাৰী, দুমুনিচকী, শালমাৰা, শিঙাৰপাৰা, বাইহাটা চাৰিআলি আদিৰ উপৰিও এই ক্ষেত্ৰত থানাখনৰ অন্তৰ্গত মুক্তাপুৰ অঞ্চল হৈছে অন্যতম। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ সমীপৱৰ্তী চকত জুৱা খেলৰ লগত তীৰ খেলৰ টিকট আৰু মদৰ ব্যৱসায় চলাই থকাৰ বিষয়ে অৱগত হৈ হতচকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল।

সময়ে সময়ে একাংশ স্থানীয় সচেতন লোকৰ তৎপৰতাত জুৱাখেল, মদৰ আড্ডাৰ লগতে তীৰ খেলৰ টিকট বিক্ৰীৰ স্থান সলনি কৰিবলগীয়া হয় যদিও বিষয় সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীয়ে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত সম্প্ৰতি মদ, জুৱাৰ লগতে তীৰ খেল পূৰ্ণগতিত চলাই থাকিবলৈ সক্ষম হৈছে।

আনহাতে ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা পশ্চিম দৰঙৰ বুঢ়া, জয়ন্তীপুৰ, হালধা, দুমুনিচকী (দৰং) আদিতো একেই দৃশ্য। দুয়োটা অঞ্চলৰ স্থান বিশেষে চলা এই জুৱা খেল আৰু তীৰ খেলৰ বুকীৰ বিৰুদ্ধে স্থানীয় আৰক্ষীৰ তৰফৰ পৰা ফলপ্ৰসু ব্যবস্থা গ্রহন নকৰাৰ ফলত জুৱাৰীয়ে পুৱতি নিশালৈকে জুৱা খেল চলাই যাবলৈ সাহস পাইছে।

তীৰ, জুৱা, মদৰ ঘাটিত পৰিণত পূৱ কামৰূপ আৰু পশ্চিম দৰং অঞ্চল...
৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...

জুৱা খেল খেলি ধন লাভ কৰাৰ আশাত নিজেই সৰ্বস্বান্ত হোৱা এচামে পুনৰ জুৱা খেলিবলৈ বা তীৰ খেলৰ টিকট ক্রয় কৰিবলৈ অবৈধভাবে ধন ঘটাৰ অংকত নামি পৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ একাংশ জুৱাৰীৰ পৰিয়ালৰ লোকে। যাৰ বাবে অঞ্চল দুটাত বিশেষকৈ চুৰি কাৰ্য বৃদ্ধি পােৱা বুলি মত পােষণ কৰিছে সচেতন লােকসকলে।

একাংশ বয়ােজেষ্ঠ লােকৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয়ৰ একাংশ ছাত্রও আসক্ত হৈ পৰা উক্ত তীৰ আৰু জুৱাখেল বন্ধ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ কামৰূপ আৰু দৰং জিলা আৰক্ষী প্রশাসনৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে অঞ্চলদুটাৰ সচেতন সমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in