লামডিঙত নিষিদ্ধ ক'ফ চিৰাপসহ আটক এজন

লামডিঙত নিষিদ্ধ ক'ফ চিৰাপসহ আটক এজন

author-image
Asomiya Pratidin
New Update
লামডিঙত নিষিদ্ধ ক'ফ চিৰাপসহ আটক এজন

ডিজিটেল সংবাদ, লামডিং: লামডিংত দিনে দিনক বৃদ্ধি পাইছে নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ পিছত এইবাৰ লামডিঙত চলিছে নিষিদ্ধ ক'ফ চিৰাপৰ ৰমৰমীয়া বেহা চলিছে। এক গোপন সূত্ৰৰ পম খেদি লামডিং আৰক্ষীয়ে মঙলবাৰে ক'ফ চিৰাপসহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।

Advertisment

লামডিং-লঙ্কা ৰোডৰ পৰা নান্টো দাস নামৰ লোকজনে ১০টা নিষিদ্ধ ক'ফ চিৰাপ এএচ০১ই-৩৩৮৯ নম্বৰৰ অ'ট খনত সৰবৰাহ কৰি লৈ গৈ থকাৰ সময়তে লামডিং আৰক্ষীয়ে হাতে লোতে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীজনক। ইতিমধ্যে লামডিং আৰক্ষীয়ে নান্টো দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে ।

উল্লেখ যে, লামডিঙত নিচা জাতীয় দব্যৰ প্ৰতি আসক্ত হৈছে বহু যুৱক। ইয়াৰ সমান্তৰালকৈ লামডিং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি শাস্তি প্ৰদান কৰিছে যদিও একাংশ সৰবৰাকাৰীয়ে সৰবৰাহ কৰিয়ে আছে নিষিদ্ধ সামগ্ৰী।

Also Read: দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত শীঘ্ৰেই চৰকাৰক পদক্ষেপ লোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

lumding