/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b6a84669-926f-45ca-bd11-b2c740996e8e/download.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : চতিয়াত শিশুৰ সলিল সমাধি ৷ চতিয়াৰ খাটোৱাল গাৱঁত পুখুৰীত পৰি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু ৷
চতিয়াৰ খাটোৱাল গাৱঁৰ ভোগেশ্বৰ নাথ আৰু ৰঞ্জু নাথৰ আঢ়ৈ বছৰীয়া কন্যা ববিতা দেৱীৰ নিজৰ পুখুৰীতে পৰি অকাল মৃত্যুক আকোৱালি লয় ৷ শিশুটি বহু সময় নেদেখাত বিচাৰ খোচাৰ কৰাত পুখুৰীত উপঙি থকা অৱস্থাত দেখা পায়৷
ততাতৈয়াকৈ শিশুটিক উদ্ধাৰ কৰি বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ৰাস্তাতে শিশুটিৰ মৃত্যু হয় ৷