সোণতলীত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত গুৱাহাটীৰ আই আই টিৰ সঁজাতি দল

সোণতলীত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত গুৱাহাটীৰ আই আই টিৰ সঁজাতি দল

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত বৃহস্পতিবাৰে গুৱহাটীৰ আই আই টিৰ এটা সঁজাতি দল উপস্থিত হয়৷ জানিব পৰামতে গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ কেয়ুৰ সোৰাথিয়াৰ নেতৃত্বত গৱেষক ছাত্ৰ ক্ৰমে—কৌশিকি বাহেতি. নিখিল কুমাৰ, পায়েল চান্দ, ছাকেত কুমাৰ, য়াটিন কুমাৰ, উৎপল ঠাকুৰীয়াই আজি সোণতলীৰ নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত উপস্থিত হৈ ভি আৰ হেণ্ডছেটৰ দ্বাৰা ভাৰ্চুৱেল ৰিয়েলিটিৰ নতুন প্ৰযুক্তি যন্ত্ৰৰ জৰিয়তে শিক্ষাৰ্থীক নতুন অভিজ্ঞতা প্ৰদান কৰে ৷

নতুন প্ৰযুক্তিৰ জৰিয়তে শিক্ষাক কিদৰে সহজ কৰিব পৰা যায়, সেই সন্দৰ্ভত আই আই টিৰ গৱেষক ছাত্ৰৰ দলটোৱে ভাৰ্চুৱেল ৰিয়েলিটিৰ জৰিয়তে বুজাই দিয়ে৷ উল্লেখ্য যে এই উপলক্ষে বিদ্যালয় প্ৰাংগণত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা সভাত আই আই টিৰ সঁজাতি দলটোক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷

সোণতলীত নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলত গুৱাহাটীৰ আই আই টিৰ সঁজাতি দল
তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ৬ বছৰীয়া শিশুৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in