তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ৬ বছৰীয়া শিশুৰ

তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ৬ বছৰীয়া শিশুৰ

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ ডুমডুমীয়াৰ সমীপৱৰ্তী জেঙনী তিনি-আলিত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে নিহত এটি ৬ বছৰীয়া শিশু। ঘটনাৰ বিৱৰণী অনুসৰি দ্ৰুত বেগত অহা AS01JC3102 নম্বৰৰ এখন মালবাহী টাটা মৱাইলৰ খুন্দাত থিতাতে নিহত হয় কনমানি শিশুটি।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কন্যা শিশুটি উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহন খনৰ চালক।

উল্লেখ্য যে ধিং-ডুমডুমীয়া-বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথটোত একাংশ গাড়ী চালকৰ দৌৰাত্ম্যৰ বাবেই প্ৰায়ে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ গ'ল ৬ বছৰীয়া শিশুৰ
কাজিৰঙাৰ চেপেনাকোবোৱা গাঁৱত ৰাসৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in