আলফাঃ কিছু অপ্ৰিয় কথা...

আলফাঃ কিছু অপ্ৰিয় কথা...

অসম আৰু অসমবাসীক কি সপোন দেখুওৱা হৈছিল? সেয়া বাস্তৱত সম্ভৱ হয়, নহয় তাক বিচাৰ নকৰি ১৯৭৯ চনৰ পৰা তেওঁলোকে পৃষ্ঠপোষকতাত এই ৰক্তাক্ত সংগ্ৰামৰ ফল প্ৰায় প্ৰতিজন অসমীয়াই ভোগ কৰিছে।

এতিয়া কোনোবাই সজাত বন্দী হৈ সদ্য স্বাক্ষৰিত চুক্তি সন্দৰ্ভত সচেতন ৰাইজে প্ৰশ্ন কৰিলে চৰকাৰী পক্ষৰ সুৰত ইয়াক অস্বীকাৰ কৰাটোত নতুনত্ব নাই। ইনাৰ লাইন পাৰ্মিট কিয় লাগে বুলি যেতিয়া এইসকলেই শিৰ ফুলাই যুক্তি দাঙি ধৰে তেতিয়াই বুজিব পাৰি দীৰ্ঘদিনৰ এই বিপ্লৱী সত্বা ইতিমধ্য়েই চৰকাৰী আতিথ্যত অন্ত পৰিছে।

অসমৰ সম্পদ দিল্লীয়ে লুণ্ঠন কৰে বুলি ইমান দিনে জাতীয় দল-সংগঠনসমূহে কৰি অহাৰ অভিযোগ তেওঁলোকে মিছা বুলি আনুষ্ঠানিক ঘোষণা কৰিলে। তেওঁলোকৰ মতে অসমত সম্পদেই নাই।

ইয়াতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে? আলফা-চৰকাৰৰ এই চুক্তিক অন্তসাৰ শূণ্য বুলি কোৱাসকলক সশস্ত্ৰ সংগ্ৰামত যোগ দিবলৈ কৈ তাচ্ছিল্য কৰাসকলে ত্যাগৰ মূল্য কি বুজিব? আলফা অসম আৰু অসমীয়াৰ এক আবেগ আছিল।

পৰ্যায়ক্ৰমে সেই আবেগ সংগঠনটোৰ একাংশ নেতৃত্বৰ লবীকেন্দ্ৰিক প্ৰৱণতা আৰু ক্ষমতাৰ লোভে অভিশাপলৈ ৰূপান্তৰ কৰিলে। পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা সকলোৱে এদিন ৰাইজৰ আদালতৰ বিচাৰৰ কাঠগৰাত উঠিব লাগিব।

২০০১ চনৰ ৯ ডিচেম্বৰত তেতিয়াৰ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা ঢাকাৰ পৰা ভূটানৰ ৰাজধানী থিম্ফুলৈ উৰা মাৰিছিল। লগত গৈছিল তেওঁৰ ব্যক্তিগত সহায়ক হৈ সুমন বৰুৱা। ভূটানৰ ৰাজকক্ষত সেইদিনা ৰাজখোৱাই কি আলোচনাত মিলিত হৈছিল?

ভূটানৰ ৰজাক ৰাজখোৱাই আলোচনাৰ মধ্যস্থতাকাৰী হ'বলৈ প্ৰস্তাৱ দিয়া নাছিলনে? সেই আলোচনা ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত, তৃতীয় ৰাষ্ট্ৰত আৰু অসমৰ সাৰ্বভৌমত্বৰ প্ৰসংগৰ হ'ব লাগিব বুলি চৰ্ত নিৰ্ধাৰণ কৰা নাছিলনে? হয়তো ৰাজখোৱাই পাহৰি গ'ল পৰৱৰ্তী সময়ত তেওঁলোকৰ এইবোৰ দাবীৰ কথা।

কেই কোটিমান টকাৰ পেকেজতেই সেই আলোচনা মূলত সীমাবদ্ধ হৈ ৰ'ল। পৰেশ বৰুৱাৰ সৈতে বাংলাদেশত ই-মেইল যুদ্ধত লিপ্ত হওঁতেই বুজা গৈছিল আলফাৰ উলম্ব বিভাজন হৈছে।

২০০৩ চনৰ ১৫ ডিচেম্বৰত অপাৰেশ্যন অলক্লিয়াৰত প্ৰাণ হেৰুওৱা আৰু সন্ধানহীন হোৱাসকলৰ কিবা সন্ধান এই আলোচনাত ওলালনে? আলোচনাৰ নামত আচলতে কি হ'ল? এই প্ৰশ্ন আজি নহ'লেও এদিন তেওঁলোকক অসমৰ মানুহে কৰিব।

২০০৫ চনৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা আলোচনা প্ৰক্ৰিয়াৰ এক বিশেষ পৰ্যায়ত উপনীত হৈছিল। সেইবছৰ ছেপ্টেম্বৰত গঠন হোৱা পিচিজিৰ জৰিয়তে অসমৰ সাৰ্বভৌমত্ব সুৰক্ষা প্ৰসংগ উপস্থাপন হৈছিল । কিন্তু সেয়া ক'ৰবাত যতি পৰিল।

এফালে পিচিজিৰে আলোচনা আনফালে জোনাই, খোৱাং, মঙলদৈত আলফাৰ সদস্যক হত্যা, ডিব্ৰু চৈখোৱাত সামৰিক অভিযান চলি আছিল সমান্তৰালভাৱে। ৭ ফেব্ৰুৱাৰী ২০০৬ত দ্বিতীয়লানি আলোচনা পিচিজিৰ সৈতে হোৱাৰ এদিনৰ আগত কাকপথাৰ সেনাৰ অত্যাচাৰত নিৰীহ অসমীয়া যুৱকক শিবিৰলৈ নি নিৰ্মমভাৱে অত্যাচাৰ চলাই হত্যা কৰা হৈছিল। আলফা নাছিল কাকপথাৰৰ নিৰীহ যুৱক কেইজন। এইবোৰ কি ত্যাগ নহয় শশ চৌধুৰী, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াহতঁৰ বাবে?

তেওঁলোকৰ সান্নিধ্য়ত থকা একালৰ সতীৰ্থৰ পোষ্টমৰ্টেমত বহুবোৰ অপ্ৰিয় সত্য ইতিমধ্যে পোহৰলৈ আহিছে। সমুদ্ৰ গগৈয়ে মুক্তভাৱে লিখিছে এই কথাবোৰ। এজন প্ৰাক্তন আলফাৰ স্বীকাৰোক্তিত থকা এই কথাবোৰ ৰাজখোৱা, পৰেশ বৰুৱাই কেতিয়াবাই পঢ়া উচিত আছিল। তেওঁলোকে এই কিতাপখনত থকা অভিযোগবোৰ যোৱা ১৫ বছৰে অস্বীকাৰ নকৰাত সেইবোৰ এতিয়া সত্য বুলি ধৰি লোৱাৰ গত্যান্তৰ নাই।

অৰবিন্দ ৰাজখোৱা সন্দৰ্ভত তেওঁ লিখিছিল- প্ৰথম দৃষ্টিতেই মানুহজনক অকালপক্ক যেন লাগিছিল। এই সমুদ্ৰ গগৈয়ে কাচিনত থাকোতে অৰবিন্দ ৰাজখোৱাৰ ব্যক্তিগত সহায়ক হিচাপে নিয়োজিত হৈছিল। সেই অভিজ্ঞতাৰে ৰাজখোৱা সন্দৰ্ভত তেওঁ তুলি ধৰা দৃষ্টিভংগী আজিৰ প্ৰেক্ষাপটত তুলনা কৰিলে ইয়াক মিছা বুলি পতিয়ন নিয়াব নোৱাৰি।

একেদৰে পৰেশ বৰুৱা সন্দৰ্ভতো নিৰ্মোহ বিশ্লেষণ কৰি যি অভিজ্ঞতা ব্যক্ত কৰিছে সেয়াও সুখকৰ নহয়। ব্যক্তিগত দেহৰক্ষী হৈ থকা অৱস্থাত কাৰোবাৰ অন্তৰ্বাস ধুই দিব লগা পৰিস্থিতিক বিপ্লৱৰ অংশ বুলি মানি ল'ব নোৱাৰিছিল তেওঁ।

অসমৰ মানুহে আশা কৰি থকা বিপ্লৱৰ স্বৰূপ এনে আছিল নেকি? আলফাৰ নেতৃত্বত বিচক্ষণতাৰ অভাৱ আৰু তাত্বিক দিশৰ মতান্তৰে আলফাৰ অৱক্ষয় সময়ৰ আৰাম্ভণি ঘটিছিল।

কিছু তত্ববাগীশ নেতা আছিল যদিও দুই কুল ৰক্ষা কৰি চলা নেতাৰো অভাৱ নাছিল। তেনে উদাহৰণ তেওঁৰ দৃষ্টিত অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা আছিল। সেইসকলৰ হাতত এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ পৰিধি লাহে লাহে হ্ৰাস পাই আহিছিল।

আলফাৰ সদস্য হিচাপে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ লকাপত থকা অভিজ্ঞতা, আৰক্ষী-সেনাৰ নিৰ্যাতন আলফাৰ নেতৃত্বৰ ত্যাগতকৈ কম নহয়। লকআপত থাকোতে ৰাতি প্ৰসাৱ কৰিব লাগিলে খোৱা কাহীখনতে কৰি পুৱা পেলাই দিছিল। সেইখন কাহীয়েই পখালি পুৱা তাত শুকান ৰুটী, দাইল খাব লগা হৈছিল।

এদিন প্ৰসাৱৰে পৰিপূৰ্ণ কাহীক উজুটি মৰাত কাহীৰ প্ৰসাৱ মজিয়াত চিটিকি পৰিছিল। উপাই নাপাই পিন্ধি থকা টাৱেলেৰে সেইবোৰ টুকি পেলাইছিল। ইয়াকো বিপ্লৱৰ অংগ বুলিয়েই ভাবিছিল।

এজন প্ৰাক্তন আলফাৰ স্বীকাৰোক্তিৰ ৬৮ পৃষ্ঠাত তাৰ সৱিশেষ বৰ্ণনা দিয়া আছে। সেনা বাহিনী-আৰক্ষীৰ হাতত মৃত্যু হোৱা, আলফাৰ হাতত মৃত্যু হোৱা সকলোৱে এই ৰক্তাক্ত সংগ্ৰামৰ চিকাৰ হৈছিল।

১৯৮০ চনৰ ১৫ মাৰ্চত তেতিয়াৰ গৃহমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ চলন্ত গাড়ীত গ্ৰেণেড নিক্ষেপ কৰিছিল আলফাই। এয়াই আছিল আলফাৰ প্ৰথমটো আক্ৰমণ। সেই গ্ৰেণেড নিক্ষেপ ঘটনাত মৃত্যু হৈছিল আক্ৰমণকাৰী আলফাৰ সদস্য হৰি বৰুৱা। আলফাৰ সশস্ত্ৰ সংগ্ৰামৰ ইতিহাসৰ তেওঁ প্ৰথম ছহিদ।

একেদৰে উজনি অসমৰ আয়ুক্ত পাৰ্থ সাৰথিক নিজ কাৰ্যালয়ত প্ৰেচাৰ বোমা দি হত্যা কৰা হৈছিল ১৯৮১ চনৰ ৭ এপ্ৰিলত। ১৯৮৩ চনৰ ১৫ মাৰ্চত হিতেশ্বৰ শইকীয়াৰ ভতিজাক কেশৱ শইকীয়াক হত্যা কৰা হৈছিল।

১৯৮৪ চনৰ ১৬ আগষ্টত গুৱাহাটীৰ চৌধুৰী টকীজত হোৱা বোমা বিস্ফোৰণত এজন চিনেমা হলৰ কৰ্মচাৰীৰ মৃত্যু ঘটিছিল। সেই ৰক্তাক্ত ইতিহাস এনেদৰেই বাঢ়ি গৈ আছিল।

৪ দশকৰো অধিককাল সেই ৰক্তাক্ত সংগ্ৰাম সাক্ষী আৰু বলি হৈছিল অসম আৰু অসমীয়া। কিমান যুৱক মৃত্যু আৰু পংগু হ'ল সেই সঠিক হিচাপ আজিলৈকে নহ'ল। আছেনে তেনে হিচাপ আলফাৰ নেতৃত্বৰ হাতত।

কিমান অসমীয়াই সেনাৰ বন্দুকৰ খুন্দা সহ্য কৰিছিল তাৰ হিচাপো ৰখা নহ'ল। নিৰাপত্তাৰক্ষীৰ হাতত সতীত্ব হেৰুওৱা অসমীয়া মহিলাই এয়া জাতীয় সংগ্ৰামৰ বাবে ত্যাগ বুলিয়েই সকলো সহ্য কৰিছিল।

এতিয়া তেওঁলোকে আস্ফালনৰে এইখিনিৰ বাবে আমি সংগ্ৰাম কৰিছিলো বুলি ক'লে মানুহে জানো মানি ল'ব পাৰে? ৰাজেন শৰ্মা ওৰফে উদ্দিপ্ত হাজৰিকাৰ সেই বিদ্ৰোহী চেতনা থকা কবিতাবোৰ সময়ৰ দলিল।

যি আহ্বানত সপোন আছিল স্বদেশৰ প্ৰতি। ৰাজেন শৰ্মাই লিখিছিল- এতিয়া মোৰ অসমৰ প্ৰতিজন যুৱকেই/ পঢ়িছে এলছাৰভাদোৰৰ গেৰিলাৰ চিঠি/ এতিয়া বিপ্লৱ অংকুৰৰ উদগম সময়/ আৰু এই বিপ্লৱৰ প্ৰাৰম্ভত মোৰ কবিতাৰ তেজাল উমেৰে/ মোৰ দেশৰ প্ৰতিজন যুৱকেই একোজন ধনঞ্জয়।

নিজকে পিষ্টল জেপত ভৰাই লৈ ফুৰা সামন্তৰ ভঁৰালৰ ধন কাঢ়িবলৈ যোৱা এজন ডকাইত আখ্যা দিছিল তেওঁক। কৈছিল কবিতাৰে বহু কথা। দেখিছিল কবিতাৰে বহু আশা। তেওঁ হেৰাই গ'ল, থাকি গ'ল কবিতাত সেই লক্ষ্য আৰু সপোনৰ সোনালী ছাঁ।

স্বাধীনতা ফুকন ওৰফে কবিৰঞ্জন শইকীয়া বিদ্ৰোহী নাছিল। এই কবিজনো বিদ্ৰোহী হৈ পৰিছিল স্বাধীনতা ফুকন নামেৰে। কবিৰঞ্জন ৰৈ গৈছিল স্বাধীনতা ফুকনৰ আঁৰত। লিখিছিল কবিতা, যিবোৰ শব্দ শক্তিশালী বুলেটতকৈ কম নাছিল- তোমালোকৰ বাবে মই অকাতৰে উচৰ্গা কৰিব পাৰো/ মোৰ সমস্ত সময় আৰু ভৱিষ্যৎ ।

সেই ভৱিষ্যৎ উচৰ্গা কৰিয়েই স্বাধীনতাৰ কবিতা লিখি গুচি গৈছিল তেওঁ। স্বাধীনতা ফুকনক হত্যা কৰা হৈছিল। তেওঁ নিজেই কৈছিল- কিমান দিনলৈ বাচি থাকিম মই/ এই যে চিতাত তুলি দিয়া যুঁজাৰু বন্ধুৰ মৃতদেহ/ সেই কবিসকল.../ এই মুহূৰ্তত মই এইটোৱেই ক'ব পাৰো মই কবিৰঞ্জন উত্তপ্ত হ'ব খোজা এটা কবিতাৰ নাম...।

মিথিংগা দৈমাৰীৰ কবিতাবোৰো কম নাছিল। বিদ্ৰোহৰ স্ফুলিংগ তেওঁৰ কবিতাৰ ভৰপূৰ আছিল। হাতত বন্দুক, হাতত কলম দুয়োটায়েই চলাব জানিছিল। যদিওবা এই বাটেৰে নামি আহিব এদিন শান্তি আৰু সুখৰ উৎসৱ বুলি তেওঁ আশাবাদী আছিল। সেই আশাতেই শোষিতসকলৰ বাবে সম্ভাৱণাৰ আধাৰ গঢ় লৈ উঠিছিল।

এনেবোৰ ত্যাগৰ এয়া এক ক্ষুদ্ৰৰো ক্ষুদ্ৰ অংশ। কোনোবা নেতাৰ অহংবোধ আৰু তেওঁলোকৰ সন্তুষ্টিয়ে মানুহক তেওঁলোকৰ প্ৰশস্তি গোৱাবলৈ বাধ্য কৰিব নোৱাৰে। সেই প্ৰশস্তি তেওঁলোকে নিজেই নিজৰ বাবে গাই থাকক। কিন্তু সৰ্বসাধাৰণৰ এই ত্যাগক অপমান কৰি তেওঁলোকে যি কৰিলে সেয়াই শুদ্ধ আৰু শেষ সত্য বুলি ধৰি ল'লে ৰাইজে ইয়াক মানি নল'ব।

আলফাঃ কিছু অপ্ৰিয় কথা...
আপোনাৰ ভাল হ'ব...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in