/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0a642003-791c-4810-b51b-a4c1ffcce47a/ALL_INDIA_RADIO.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্ছেছ এণ্ড ট্ৰেইনিং (CCRT)ৰ উৎকৃষ্ট সাংস্কৃতিক ব্যক্তিত্বৰ সদ্যঘোষিত ফলাফলত ধেমাজিৰ ৰূপান্তৰ বৰপাত্ৰগোহাঁই আৰু মৌচুমী বৰপাত্ৰগোহাঁয়ে কনিষ্ঠ জলপানি লাভ কৰিবলৈ সক্ষম হৈছে। ৰূপান্তৰ বৰপাত্ৰ গোহাঁইয়ে ২০২১-২২বৰ্ষৰ বাবে "ভ্ৰাম্যমাণ থিয়েটাৰ: ইতিবাচক আৰু নেতিবাচক দিশ" আৰু মৌচুমী বৰপাত্ৰ গোহাঁইয়ে ২০২০-২১বৰ্ষৰ "শিশুৰ বিকাশত নাটকৰ প্ৰয়োজনীয়তা আৰু শিক্ষাত নাট্যকলা প্ৰকল্প"ৰ বাবে এই জলপানি লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/112ea6d8-6392-4878-b23b-b8b1ce898344/d226b382_1b95_48c5_87cf_4a4e89f91f1a.jpg)
সৰ্বভাৰতীয় পৰ্যায়ত হোৱা এই সন্মানীয় জলপানি একেখন ঘৰৰ পৰাই একেবাৰতে লাভ কৰি ৰূপান্তৰ বৰপাত্ৰগোহাঁই আৰু মৌচুমী বৰপাত্ৰগোহাঁইয়ে ধেমাজিলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, ৰাজ্যখনৰ মুঠ ৫২ জন ব্যক্তিয়ে সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত জ্যেষ্ঠ-কনিষ্ঠ শিতানত ২০২০-২১ আৰু ২০২১- ২২ বৰ্ষৰ বাবে দুবছৰীয়া ফেল'শ্বিপ লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e40262e0-ae39-4882-bb16-a3ffb22aa90d/2b46989d_6f10_4262_86c9_b92ca36b72a5.jpg)
ধেমাজি নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ, কবি হেমন্ত বৰপাত্ৰগোহাঁই আৰু দীপাঞ্জলী বৰপাত্ৰগোহাঁইৰ পুত্ৰ ৰূপান্তৰ আৰু কন্যা মৌচুমীৰ সাফল্যত ধেমাজি জিলাবাসী উৎফুল্লিত হৈ পৰিছে ৷ এই জলপানিৰ প্ৰকল্পই নাটক তথা সাংস্কৃতিক ক্ষেত্ৰলৈ নতুন বাৰ্তা আনিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷
Also Read: ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে ধেমাজিত চিকিৎসকক সম্বৰ্ধনা..