সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৫৫২ নম্বৰ লাভ মানকাচৰৰ ইদৃছ আলীৰ...

মানকাচৰত দিন হাজিৰা কৰা পিতৃ-মাতৃৰ সন্তানে উজ্বলাই তুলিলে পৰিয়ালটোক । সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৫৫২ নম্বৰ লাভ কৰি মানকাচৰৰ ইদৃছ আলী (Idrich Ali) য়ে গৌৰৱ কঢ়িয়াই আনিলে।

author-image
Asomiya Pratidin
New Update
সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৫৫২ নম্বৰ লাভ মানকাচৰৰ ইদৃছ আলীৰ...

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰত দিন হাজিৰা কৰা পিতৃ-মাতৃৰ সন্তানে উজ্বলাই তুলিলে পৰিয়ালটোক । সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৫৫২ নম্বৰ লাভ কৰি মানকাচৰৰ ইদৃছ আলী (Idrich Ali) য়ে গৌৰৱ কঢ়িয়াই আনিলে। ইদৃছ আলীৰ ঘৰ মানকাচৰৰ সাদুল্যাবাৰীত। তেওঁৰ পিতৃৰ নাম লাল মিয়া আৰু মাতৃৰ কাঞ্চন মালা।

Advertisment

পিতৃ-মাতৃ দুয়োজনে দিন হাজিৰা কৰে। পূৰ্বে তেওঁলোকৰ দুই বিঘা নিজা ভূমি আছিল। পুত্ৰক চিকিৎসক পঢ়াবলৈ মাটিখিনি বন্ধকত (ভাড়া) দি নাম ভৰ্তিৰ খচৰ উলিয়াইছিল পিতৃ মাতৃয়ে। পূৰ্বে নিজৰ ভূমিতে খেতি বাতি কৰিছিল যদিও বৰ্তমানে নিজা মাটি নথকাত অন্য লোকৰ খেতি পথাৰত কাম কৰে দম্পত্তি হালে।

অৱশেষত পুত্ৰই সু-সংবাদ কঢ়িয়াই অনাত এতিয়া পৰিয়ালটোৰ মাজত আনন্দৰ বন্যা বৈছে। কষ্ট হ'লেও শান্তি পাইছো বুলি কেমেৰাৰ সম্মুখত উচপি উঠিল পৰিয়ালটো। ইদৃছ আলীৰ এই সাফল্যক লৈ গাঁওবাসী উৎফুল্লিত হৈছে। গাঁওবাসীৰ হৈ গাঁও প্ৰধান হাচেন আলীয়ে ইদৃছ আলীৰ লগতে পৰিয়ালটোক এখনকৈ ফুলাম গামোচা দি সম্বৰ্ধনা জনায়।

আৰু পঢ়ক : মহাৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰিমিয়াৰ লীগৰ খেল স্থগিত...

assam NEET mankachar