/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3a607cce-f969-4c87-9d48-c2c5ce0029be/sir_dibru.jpg)
ডিজিটেল ডেস্কঃ সাহিত্য অকাদেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্য বৰঙণি শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত ১২ জুনৰ পৰা অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰ ১৩ জুন মঙলবাৰে অন্ত পৰে । ১২ জুনত উদ্বোধনী অনুষ্ঠান সাহিত্য অকাদেমিৰ সচিব কে শ্ৰী নিবাস ৰাওৰ আদৰণি ভাষণৰে আৰম্ভ হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/617b2ed4-7ab2-4b9a-9094-87077be505cb/629e8887_9926_4e5f_b403_cd2090972c23.jpg)
১৩ জুন মঙল বাৰে অন্তিম দিনা আন দুটা বিষয়ৰ ওপৰত আলোচনা হয় । দ্বিতীয় দিনা অধিৱেশনত ভীমকান্ত বৰুৱাৰ অধ্যক্ষতাত ভাৰতৰ স্বাধীনতাৰ প্ৰতি আৱেগ আৰু অসমীয়া নাটক শীৰ্ষক আলোচনা চক্ৰত আলোেচক হিচাপে অংশ লয় ৰঞ্জন কলিতা আৰু মনালিছা শইকীয়াই । অন্তিম তথা চতুৰ্থ অধিৱেশত সমকালীন অসমীয়া সম্বাত পত্ৰ-আলোচনী আৰু অসমত ভাৰতৰ স্বাধীনতা আন্দোলন শীৰ্ষক আলোচনা চক্ৰ সঞ্চালনা কৰে সমুদ্ৰ গুপ্ত কাশ্যপে । এই আলোচনা চক্ৰত বক্তা হিচাপে অংশ লয় চন্দন কুমাৰ শৰ্মা, নৰেশ কলিতা আৰু প্ৰকাশ মহন্তই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ee9bc312-417c-4d79-98a8-c5d179159b77/62ff0e90_3f69_4a9f_a5f6_fe4afc70f0f5.jpg)
এই অনুষ্ঠানত অসমীয়া ভাষাৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা উপস্থিত আছিল । বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাদেমিৰ ফেল' নগেন শইকীয়াই বন্তি প্ৰজ্বলন আৰু উক্ত আলোচনা চক্ৰ উদ্বোধন কৰে । প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰীয়ে এই অনুষ্ঠানত বীজ ভাষণ আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ধিৰুৱজ্য়োতি বৰাই মুখ্য় অতিথি হিচাপে উদ্বাধনী অনুষ্ঠানত অংশ লয় । সাহিত্য অকাদেমিৰ উপ সভাপতি কুমুদ শৰ্মাৰ সভাপত্বিত উক্ত আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল সোমবাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e20290f7-6788-4f2f-b930-769a9dd69ed2/d6f6cec4_042e_41ed_a14d_b2a328a3402c.jpg)
ডিব্ৰুগড় বিশ্ববিদ্যালয়য়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ অধ্যাপক অৰ্পনা কোঁৱৰে শলাগৰ শৰাই জ্ঞাপন কৰে । সোমবাৰে উদ্বোধনী অনুষ্ঠানৰ পাছতেই আলোচনা চক্ৰ খনৰ প্ৰথম অধিৱেশনত অসমীয়া গীত আৰু কবিতাত স্বাধীনতা আন্দোলনৰ চেতনা প্ৰতিফলন শীৰ্ষক আলোচনা অনুষ্ঠিত হয় । এই প্ৰথমখন অধিৱেশনৰ অধ্যক্ষতা কৰে কৰৱী ডেকা হাজৰিকাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3f1563b8-ed36-4464-9e97-052084469cfa/11d2b5e1_139d_47c7_b172_aa34edd2f098.jpg)
আলোচনা চক্ৰ খনত আলোচ্য বিষয়ত অংশ লয় ক্ৰমে বিনীতা বৰা দেৱচৌধুৰী, মৃণাল তালুকদাৰ আৰু সাব্যসচী মহন্তই । সেইদিনাই আবেলি ২.৩০ বজাত দ্বিতীয় অধিৱেশত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমীয়া কাহিনী আৰু সাহিত্য় শীৰ্ষক আলোচনা চক্ৰ অৰ্পম শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । এই আলোচনা চক্ৰৰ আন এজন বক্তা আছিল সৌমাৰজ্যোতি মহন্ত, মনোজ কুমাৰ গোস্বামী আৰু ড০ মালিনী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/24a2c709-c857-4d04-8fce-12e73520e9ee/7129bf80_efc0_450f_a02a_64963808e22e.jpg)
উক্ত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই এই বিশেষ প্ৰচেষ্টাৰ বাবে সাহিত্য অকাদেমিক ধন্যবাদ জ্ঞাপন কৰে । ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি, ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ লগতে ইংৰাজৰ দমনমূলক নীতি আৰু জাতিৰ প্ৰতি অসমীয়াৰ ত্যাগৰ কথা সবিস্তাৰে ভাষণ প্ৰসংগত উল্লেখ কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদকগৰাকীয়ে । এই আলোচনা চক্ৰত উপস্থিত আছিল সাহিত্য অকাদেমিৰ প্ৰতিনিধি ড০ দেবেন্দ কুমাৰদেৱ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্যাকাম বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।
Also Read: জোনমণি-জোনালী, সুমিত-বিপুল ইত্যাদি: শাসকৰ শক্তিৰে চলে নেকি প্ৰশাসন...